NORTHEAST NOW (Assamese)

১০জনকৈ দালালক ধৰাই দিলে দিচপুৰ ৰাজহ চক্ৰ বিষয়াই; সন্দেহৰ আৱৰ্তত চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ বিষয়াও

August 13, 2018 10:31 pm · অনিৰ্বাণ পাঠক
প্ৰতিনিধিত্বমূলক ছবি

দিচপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অকৰ্তৃত্বশীলভাৱে কাম কাজত হস্তক্ষেপ কৰাৰ অভিযোগত বশিষ্ঠ আৰক্ষীয়ে সোমবাৰে ১০ জন লোকক আটক কৰে। দিচপুৰৰ ৰাজহ চক্ৰ বিষয়া ড০ ধ্ৰুৱজ্যোতি বৰাৰ তৎপৰতাত লোককেইজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন লোক কেইজন ক্ৰমে হাতীগাঁৱৰ জেহেৰুল ইছলাম, মফিজুৰ ৰহমান, ছয়গাঁৱৰ ৰবীন্দ্ৰ কলিতা, উত্তৰ গুৱাহাটীৰ মানবেন্দ্ৰ দাস, ভৰলুমুখৰ মানৱ দাস, বেলশৰৰ বিপুল বৰ্মন, বশিষ্ঠৰ যতীন দাস, পলাশ বাৰীৰ যুগল মালী, নুনমাটিৰ অমল ডেকা আৰু সাউকুছিৰ বাবুল আলী বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, উক্ত লোককেইজন চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিভিন্ন দালালি কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত স্থানীয় কেইজনমান লোকে ৰাজহ চক্ৰ বিষয়া ড০ ধ্ৰুৱজ্যোতি দাসক অভিযোগ দিছিল।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে লোককেইজনক চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে আটক কৰাৰ পাছত আৰক্ষীক গতাই দিয়ে।

আনহাতে আন এটা অসমৰ্থিত সূত্ৰই দাবী কৰিছে যে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মণ্ডলকে আদি কৰি একাংশ বিষয়াৰ সৈতে দীৰ্ঘদিনৰ পৰা এই দালালসকলৰ ভিতৰুৱা বুজাবুজি আছিল। কিন্তু চৰকাৰে দূৰ্নীতিৰ বিৰুদ্ধে চলাই থকা অভিযানত শংকিত হৈ নিজক বচাবৰ বাবেই এইদৰে আগতিয়াকৈ দালাল কেইজনক ধৰাই দিছে।

ইতিমধ্যে লোক কেইজনৰ বিৰুদ্ধে চক্ৰ বিষয়া দাসে বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰিছে।

Related News