NORTHEAST NOW (Assamese)
অসম

১০টা উচ্চ ক্ষমতাৰ পাম্পেৰে মেঘালয়ৰ শ্ৰমিক আবদ্ধ কয়লাখনিৰ পানী সিঁচা কাম চলিব আজিৰ পৰা

Posted by: ৰাইনিং লিংডো December 31, 2018 6:53 am
coal miner

৮০ ফুট তললৈকে সন্ধান কৰিও ডুবাৰুৱে মেঘালয়ৰ খনিত আবদ্ধ হৈ পৰা দুৰ্ভগীয়া শ্ৰমিককেইজনৰ সন্ধান পোৱা নাই। এই কথা জানিবলৈ দিলে পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক ছিলভেষ্টাৰ নংটংগাৰে। ‘ভাৰতীয় নৌসেনাৰ দুজন ডুবাৰু কয়লাখনিটোৰ ৮০ ফুট তললৈকে গৈ তাত দুঘণ্টাতকৈ অধিক সময় ধৰি অতিবাহিত কৰিও একো সন্ধান নাপালে।ৰ’ নংটংগাৰে কয়।

তেওঁ লগতে জানিবলৈ দিয়ে যে উৰিষ্যা অগ্নি নিৰ্বাপক বাহিনীৰ দহটাকৈ উচ্চ ক্ষমতাসম্পন্ন পাম্পেৰে ৩১ ড়িচেম্বৰৰ পৰা পানী সিঁচা কাম পুনৰ আৰম্ভ কৰা হ’ব।

পানী সিঁচি কমোৱাৰ পিছত আজি পুনৰ ডুবাৰুকেইজনে খনিৰ একেবাৰে তললৈ যাবলৈ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ১৩ ডিচেম্বৰতে মেঘালয় পূব জয়ন্তীয়া পাহাৰত থকা অবৈধ কয়লখনিটোৰ ভিতৰত ১৫জনকৈ শ্ৰমিক আবদ্ধ হৈ পৰিছিল। খনিত পানী সোমোৱা বাবে তেওঁলোক আবদ্ধ হৈ পৰিছিল। এইসকলৰ মাজত অসমৰো ৪-৫জন শ্ৰমিক আছে বুলি জানিব পৰা গৈছে।

আনহাতে যোৱা প্ৰায় ১৮-২০ দিন ধৰি অবিৰাম চেষ্টা কৰিও খনিৰ ভিতৰত আবদ্ধ হৈ পৰা শ্ৰমিককেইজনৰ কোনো সন্ধান উলিয়াব পৰা নাই। ৩০ ডিচেম্বৰত নৌসেনাৰ ৫জন ডুবাৰু আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ এজন ডুবাৰুৱে খনিটোৰ গভীৰতা জুখিবলৈ চেষ্টা কৰা বুলি আমাক জানিবলৈ দিয়ে।

Coal miners rescue
মেঘালয়ৰ খনিৰ শ্ৰমিকক উদ্ধাৰৰ বাবে অহা ভাৰতীয় নৌসেনাৰ দল।

আজিৰ পৰা নৌসেনাই পানীৰ তলত ৰিম’টৰ সহায়ত চলাব পৰা যান (Remotely Operated Vehicle (ROV)) ব্যৱহাৰ কৰিব বুলিও আমাক জানিবলৈ দিছে।

আজিৰ পৰা নৌসেনাই পানীৰ তলত ৰিম’টৰ সহায়ত চলাব পৰা যান (Remotely Operated Vehicle (ROV)) ব্যৱহাৰ কৰিব বুলিও আমাক জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনী বা এন ডি আৰ এফৰ ৭১জন কৰ্মী, আৰু ২৩জন ৰাজ্যিক দুৰ্য্যোগ সঁহাৰি বাহিনী আৰু অসামৰিক নিৰাপত্তা কৰ্মীয়ে অবিৰাম চেষ্টা কৰি থকাৰ মাজতে ইতিমধ্যে উৰিষ্য অগ্নি নিৰ্বাপণ সেৱাৰ ২১জন কৰ্মীও আহি উপস্থিত হৈছেহি।

ইফালে ক’ল ইণ্ডিয়া লিমিটেডে ৩০ ডিচেম্বৰৰ দিনাও খালো ৰিংকচানৰ আশ-পাশৰ অঞ্চলবোৰত থকা পৰিত্যক্ত কয়লাখনিবোৰত পৰ্য্যৱেক্ষণ চলায়। ক’ল ইণ্ডিয়া লিমিটেডে উদ্ধাৰ কাৰ্য্যত ব্যৱহাৰ কৰাৰ বাবে মুঠ ৮টা পাম্পৰ যোগান ধৰিছে।