NORTHEAST NOW (Assamese)

কিংবদন্তি গায়ক এছ পি বালাসুব্ৰমনিয়ামৰ বিষয়ে অতি কমেইহে জনা দহটা বিশেষ কথা

September 26, 2020 2:07 pm · এন ই নাও নিউজ
এছ পি বালাসুব্ৰমনিয়াম।

ভাৰতীয় সংগীতৰ কিংবদন্তি গায়ক এছ পি বালাসুব্ৰমনিয়ামৰ কোভিড-১৯ত আক্ৰান্ত হৈ শুকুৰবাৰে ৭৪বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

ভাৰতীয় সংগীতক তেওঁ দি যোৱা অৱদান অতুলনীয় আৰু সদায় স্মৰণীয় হৈ ৰ’ব।

প্ৰায় ৫০ বছৰ ধৰি নিৰৱিচ্ছিন্নভাৱে সংগীতৰ সাধনা কৰা অত্যন্ত প্ৰভাৱশালী কণ্ঠশিল্পীগৰাকীৰ বিষয়ে বহুতে কমকৈ জনা ১০টা বিষয়ৰ এখন তালিকা দাঙি ধৰা হ’ল।

(১) এছ পি বালাসুব্ৰমনিয়ামে এগৰাকী ইঞ্জিনিয়াৰ হ’ব বিচাৰিছিল আৰু এটা চৰকাৰী চাকৰি পাইছিল।

(২) সংগীতৰ মহানায়কগৰাকী শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল, যদিও তেওঁ বাদ্যযন্ত্ৰ শিকাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল।

(৩) প্ৰায় ৪০,০০০ গান গাই বালাসুব্ৰমনিয়ামে গিনিজ বুকত অভিলেখ গঢ়িছিল।

(৪) তেওঁ এগৰাকী ডাবিং আৰ্টিষ্ট হিচাপে কাম কৰিছিল আৰু কামাল হাছান আৰু ৰজনীকান্তকে ধৰি কেইবাগৰাকীও মেগাষ্টাৰৰ ছবিৰ চৰিত্ৰত কণ্ঠ দিছিল।

(৫) এছ পি বালাসুব্ৰমনিয়ামে ইলিয়াৰাজাৰ সৈতে ৮০’ৰ দশকত দক্ষিণ ভাৰতৰ পুৰুষ নেপথ্য কণ্ঠশিল্পী হিচাপে এক নম্বৰ স্থানত নিজকে প্ৰতিষ্ঠা কৰিছিল।

(৬) তেওঁ কেইবাখনো তামিল, তেলেগু আৰু কানাড়া ছবিত সম্পূৰ্ণ চৰিত্ৰত তথা বিশেষ অতিথি হিচাপে ভূমুকি মাৰিছিল।

(৭) কণ্ঠশিল্পীগৰাকীয়ে অস্কাৰ বিজয়ী গান্ধী ছবিখনৰ তেলেগু ডাবিং সংস্কৰণত অভিনেতা বেন কিংছলেৰ বাবে কণ্ঠ দিছিল।

(৮)  তেওঁৰ প্ৰথম হিন্দী গান কে বালাচান্দেৰৰ ‘এক দোজে কে লিয়ে’ (১৯৮১)ৰ ‘তেৰে মেৰে বিচ মে’ৰ বাবে তেওঁক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত কৰা হৈছিল।

(৯) ‘মেইনে প্যাৰ কিয়া’ আৰু ‘লভ’ৰ দৰে চলচ্চিত্ৰত ছলমান খানৰ কণ্ঠ হৈ পৰিছিল এছ পি বালাসুব্ৰমনিয়াম।

(১০) তেওঁ ২০১৩চনত শ্বাহৰুখ খানৰ ছবি ‘চেন্নাই এক্সপ্ৰেছ’ৰ জৰিয়তে বলীউদলৈ প্ৰত্যাৱৰ্তন কৰিছিল য’ত তেওঁ ছবিখনৰ শীৰ্ষক গানটোত (টাইটেল ট্ৰেক) কণ্ঠ নিগৰাইছিল।

Related News