NORTHEAST NOW (Assamese)
অসম

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ January 16, 2021 7:06 pm
IMG-20210116-WA0008

বিতৰ্ক সম্ৰাট ভাস্কৰ শৰ্মাৰ সাহস আছে যদি মাৰ্ঘেৰিটাত কেৱল গোৰ্খা জনগোষ্ঠীৰ ভোটেৰে জয়ী হৈ দেখুৱাওক। সমন্বয়ৰ নামত ভেকোভাওনা, সম্প্ৰীতিৰ নামত ভেঙুচালি কৰা ভণ্ড নেতাক কোনোপধ্যেই সহ্য নকৰে মাৰ্ঘেৰিটাৰ দল সংগঠনে।

এনে বক্তব্যৰে বিধায়ক ভাস্কৰ শৰ্মাক মাৰ্ঘেৰিটাবাসীৰ আগত ক্ষমা খুজিবলৈ দাবী জনালে দহ সংগঠনে।

উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত যোৱা ৭ জানুৱাৰীত অনুষ্ঠিত গোৰ্খা ছাত্ৰ সন্থাৰ অধিবেশন আৰু গোৰ্খা জাতীয় সমাৰোহত নেপালৰ পৰা আমন্ত্ৰিত শিল্পীৰ ভাৰত বিৰোধী মন্তব্য, অৰ্ধনগ্ন নৰ্তকীৰ নৃত্য-গীত, গোৰ্খা ছাত্ৰ সন্থাৰ নেতাৰ ওফাইদাং মৰা ভাষণ তথা সমষ্টিটোৰ বহু বিতৰ্কিত বিধায়ক ভাস্কৰ শৰ্মাৰ উগ্ৰ সাম্প্ৰদায়িক ভাষণক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত প্ৰতিক্ৰিয়া অব্যাহত আছে।

গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে অৰ্ধনগ্ন নৰ্তকীৰ নৃত্য-গীত সন্দৰ্ভত এয়া অনিচ্ছাকৃত ভুল বুলি ক্ষমা বিচৰাৰ বিপৰীতে গোৰ্খা বৌদ্ধিক সমাজে অশ্লীল নৃত্য-গীত তথা সমাজবিৰোধী মন্তব্যৰ গৰিহনা জনোৱাৰ লগতে দুমাহৰ বাবে গোৰ্খা ছাত্ৰ সন্থাক বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে।

আনহাতে, মাৰ্ঘেৰিটাৰ দহটাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে ভোগালী বিহুৰ দিনাখন মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত এক সংবাদ মেল অনুষ্ঠিত কৰি সমগ্ৰ কাণ্ডৰ গৰিহনা জনোৱাৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে গোৰ্খা ছাত্ৰ সন্থাক ধিক্কাৰ দিয়ে।

সংবাদ মেলত টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিৰাপ জাগুন আঞ্চলিক সমিতি, টাই আহোম ছাত্ৰ সন্থা পাটকাই আঞ্চলিক সমিতি, সদৌ অসম ভোজপুৰী পৰিষদ তিনিচুকীয়া জিলা সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, সদৌ অসম চেমা ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক সমিতি, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক সমিতি, টি এম পি কে তিনিচুকীয়া জিলা সমিতি, মান টাই ভাষী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম টাংছা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰি গোৰ্খা ছাত্ৰ সন্থাৰ অনুষ্ঠানত সংঘটিত কাণ্ডক ধিক্কাৰ দিয়ে।

তদুপৰি, গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি জয়ৰাম থাপাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে গোৰ্খা ছাত্ৰ সন্থাক আহ্বান জনোৱাৰ লগতে বৰ্হিৰাষ্ট্ৰৰ পৰা অনাগত দিনত শিল্পী আমন্ত্ৰণ নকৰিবলৈও গোৰ্খা ছাত্ৰ সন্থাক সকীয়াই দিয়ে।

সেইদৰে, বিধায়ক ভাস্কৰ শৰ্মাক অনাগত দিনত অন্য জনগোষ্ঠীক হেয় কৰি নিজৰ জনগোষ্ঠীক শ্ৰেষ্ঠত্ব প্ৰদৰ্শন নকৰিবলৈ সকীয়াই দিয়াৰ লগতে বিধায়কক মাৰ্ঘেৰিটাবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায়।

লগতে বিধায়ক ভাস্কৰ শৰ্মাৰ যদিহে সাহস আছে তেনেহলে কেৱল মাত্ৰ গোৰ্খা জনগোষ্ঠীৰ ভোটেৰে নিৰ্বাচনত জয়ী হৈ দেখুৱাবলৈ প্ৰত্যাহ্বান জনায় দল-সংগঠনসমূহে।