NORTHEAST NOW (Assamese)

গৰমৰ দিনত নাৰিকলৰ পানী খাইনে? আছে এইসমূহ উপকাৰিতা…

April 17, 2025 9:12 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 16, 2025 8:12 pm

আমাৰ মাজত নাৰিকল পানী খাই ভাল নোপোৱা লোক তেনেই কম । গ্ৰীষ্মকাল পৰাৰ লগে লগে বহুলোকে এই পানীয়বিধ উপভোগ কৰে ।

নাৰিকল পানীয়ে আমাৰ শৰীৰত পানীৰ অভাৱ ৰোধ কৰে । চহৰৰ পৰা গ্ৰামাঞ্চললৈকে ইয়াৰ চাহিদা বহুত । কিন্তু ইয়াৰ সকলো উপকাৰৰ বিষয়ে আপুনি জানেনে । নাৰিকল পানী খালে কোনবোৰ ৰোগ আৰু সমস্যাৰ পৰা উপশম পাব পাৰি জানো আহক ।

এই সমস্যাবোৰৰ উপায় হ’ল নাৰিকল পানী

মেদবহুলতা

মেদবহুলতা নিজৰ বাবে কোনো ৰোগ নহয়, কিন্তু ই বহু ৰোগক আমন্ত্ৰণ জনায়, গতিকে ওজন কমাবলৈ আৰু পেটৰ চৰ্বি কমোৱাৰ বাবে নাৰিকল পানীক আপোনাৰ অভ্যাসৰ অংশ হিচাপে গঢ়ি তোলক।

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলে দৈনিক নাৰিকল পানী সেৱন কৰিব লাগে কাৰণ ই তেজত কলেষ্টেৰল হ্ৰাস কৰে, আৰু তাৰ পিছত চৰ্বি কমি যোৱাৰ বাবে ক্ৰমান্বয়ে বি পি স্বাভাৱিক হৈ পৰে ।

হৃদৰোগ

ভাৰতত হৃদৰোগত আক্ৰান্ত লোকৰ অভাৱ নাই, গতিকে আমি সকলোৱে নাৰিকল পানী খোৱাটো খুবেই প্ৰয়োজনীয় । ইয়াৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক,ৰ দৰে সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ।

সংক্ৰমণ প্ৰতিৰোধ

ক’ৰনাপাছত সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আমি অতি সচেতন হৈ পৰিছো । এনে পৰিস্থিতিত আমি নিয়মিতভাৱে নাৰিকল পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব

Related News