ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত উত্তপ্ত পৰিস্থিতি

এগৰাকী ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়খনত ভৰ্তি হৈ থকা ভঙাগড় শ্ৰীমন্তপুৰৰ ভবেন্দ্ৰ চৌধুৰী (৪৬) নামৰ লোকজনে বুধবাৰে নিশাৰ ভাগত মৃত্যুক সাবটি লয়।
চিকিৎসকৰ অৱহেলা আৰু গাফিলতিৰ ফলতে ৰোগীজনে মৃত্যুক সাৱটি লগীয়া হয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে।
প্ৰাপ্ত তথ্য মতে চৌধুৰীক যোৱা ২৭ জুনত চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। কালি নিশা চৌধুৰীৰ শৰীৰৰ অৱস্থা বেয়াৰ ফালে ঢাল খোৱাত হস্পিতালখনৰ চেণ্ট্ৰেল আই চি ইউত তেওঁক সোমোৱা হয় যদিও তেওঁ মৃত্যুক সাবটি লয়।
আনহাতে তেওঁৰ অৱস্থা বেয়াৰ ফালে যোৱাৰ পাছতো চিকিৎস্যকে পৰিয়ালৰ লোকক অৱগত নকৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ। তদুপৰি ৰোগীজনৰ চিকিৎসাৰ দায়িত্বত থকা জ্যেষ্ঠ চিকিৎসক ঘনশ্যাম বসুমতাৰীক কালি নিশা ৰোগীজনৰ পৰিয়ালে যোগাযোগ কৰাত তেওঁ চিকিৎসা কৰিবলৈ নাহো বুলি কয়।
ইয়াৰ বিপৰীতে চিকিৎসক গৰাকীয়ে কয় যে আগৰ পৰাই ৰোগীজনৰ স্বাস্থ্যৰ অৱস্থা শোচনীয় আছিল।
ইপিনে আজি পুৱাৰ ভাগত নিহত লোকজনৰ পুত্ৰ ৰাজীৱ চৌধুৰীয়ে জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ঘনশ্যাম বসুমতাৰীৰ বিৰুদ্ধে ধাৰা নং ৩০৪ৰ অধীনত ভঙাগড় থানাত ২৩৭/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰে বুলি ভঙাগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খগেশ্বৰ ৰাভাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।