NORTHEAST NOW (Assamese)

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 18, 2025 5:40 pm

গোলাঘাট জিলাৰ মেৰাপানীৰ ভেলুগুৰি অঞ্চলত বৃহস্পতিবাৰে চলি থকা স্থানীয় ৰাইজৰ প্ৰতিবাদস্থলীত নাগালেণ্ড আৰক্ষীয়ে টহল দিয়া দেখা গৈছিল।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, অসম ভূখণ্ডৰ ভিতৰত নাগালেণ্ড আৰক্ষীৰ টহলদাৰী দল দেখা পোৱাৰ ফলত সমবেত প্ৰতিবাদকাৰীৰ মাজত ক্ষোভৰ সৃষ্টি হয়। স্থানীয় ৰাইজে “নগা পুলিচ গ বেক ধ্বনিৰে নাগালেণ্ড আৰক্ষীক বাধা দিয়ে।

উল্লেকখ্য যে বীজ পামৰ বিৰোধিতা কৰি সেই ঠাইত দ্বিতীয় দিনৰ বাবে প্ৰতিবাদ কৰিছিল প্ৰতিবাদকাৰীসকলে। অসমৰ ভূমিত নাগালেণ্ডৰ কৃষি বিভাগে বীজ পাম খোলাৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰা হৈছিল। এই কাৰ্যকলাপে অঞ্চলটোৰ বীজ পাম সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা পোনপটীয়াকৈ উলংঘা কৰা বুলি অভিযোগ কৰিছে মেৰাপানীৰ গাঁওবাসীয়ে।

বীজ পামৰ সমীপত কেইবাটাও ৰাষ্ট্ৰীয় সংগঠনৰ সমৰ্থিত বাসিন্দাকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। নাগালেণ্ডৰ কৃষি বিভাগে মজুত কৰি ৰখা পাম তেলৰ পুলি সম্পূৰ্ণৰূপে আঁতৰাই নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে বিক্ষোভকাৰীয়ে।

সূত্ৰৰ পৰা জানিব পৰা মতে, বিবাদিত পাম এলেকাত ইতিমধ্যে হাজাৰ হাজাৰ পামৰ পুলি ৰোপণৰ বাবে মজুত কৰি ৰখা হৈছে।

Related News