NORTHEAST NOW (Assamese)
অসম

সম্পূৰ্ণ ক’ভিড বিধি পালনেৰে টীয়কত আছুৰ ক’ভিড সজাগতামূলক গীত মুকলি

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক August 13, 2021 6:31 am
WhatsApp Image 2021-08-12 at 7.07.12 PM

সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডে এক বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ পাছত এতিয়া কিছু কৰোনাৰ সংক্ৰমণ কমিছে।

ক’ভিডৰ সংহাৰী সময়চোৱাত প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাষত থাকি সেৱা কৰি আহিছিল সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ লগতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা আৰু শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাই।

ক’ভিড সম্পৰ্কে ৰাইজক আৰু অধিক সজাগ আৰু সচেতন হোৱাৰ আহ্বানেৰে বৃহস্পতিবাৰে টীয়ক আৰক্ষী থানাত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা আৰু টীয়কৰ শিল্পী সমাজৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগৰ চিন্তা আৰু পৰিকল্পনাৰে বিশিষ্ট সুৰকাৰ-গীতিকাৰ অশোক বৰাৰ ৰচিত তথা সুৰেৰে বাণীবদ্ধ এটি গীত মুকলি কৰা হয়।

নাট্যকাৰ তথা কৃতি শিক্ষক ৰমেন শৰ্মাৰ কথাৰে সমৃদ্ধ তথা সংগীতশিল্পী পৰশ প্ৰতিম হাজৰিকাৰ ব্যৱস্থাপনাত সম্পূৰ্ন ক’ভিড নীতি নিয়মৰ মাজেৰে এই ক’ভিড সজাগতামূলক গীতটি মুকলি কৰে যোৰহাটৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ হৈ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰন্টু ভূঞাই আঁত ধৰা ক’ভিড সজাগতামূলক গীত উন্মোচনী অনুষ্ঠানত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, জ্যোতি বিদ্যাপীঠৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ দাস, গীতিকাৰ তথা কণ্ঠশিল্পী বিনোদ ভকলিন,  সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ, উপদেষ্টা ৰাজীৱ বৰা উপস্থিত থাকে।

তদুপৰি, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতিশ চাহু, টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়া, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰশান্ত দোলাকাষৰীয়া, প্ৰীতমজ্যোতি শইকীয়া, সভাপতি পাপু কলিতা, সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰাকে ধৰি কেইবাজনো বিষয়ববীয়াও উপস্থিত থাকে।