NORTHEAST NOW (Assamese)
অসম

টীয়ক শাখা SBIৰ মহাপ্ৰবন্ধক গৌতম হাজৰিকাক আঞ্চলিক ছাত্ৰ সন্থাৰ বিদায় সম্বৰ্ধনা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 27, 2020 9:00 pm
টীয়ক শাখা SBIৰ মহাপ্ৰবন্ধক গৌতম হাজৰিকাক আঞ্চলিক ছাত্ৰ সন্থাৰ বিদায় সম্বৰ্ধনা

যোৰহাট জিলাৰ  টীয়ক নগৰ স্থিত ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক গৌতম হাজৰাক আজি লকডাউনৰ মাজতে সামাজিক ব্যৱধান ৰক্ষা কৰি টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে।

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়াকে ধৰি ছাত্ৰ সন্থাৰ এটি দলে ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰ আদিৰে মহাপ্ৰবন্ধক হাজৰাক  বিদায় সম্ভাষণ জনায়।

আনহাতে ৰেঙণি এটি আশাৰ সঞ্চালক বিজু কুমাৰ শৰ্মাই মহাপ্ৰবন্ধক গৰাকীক এটি গছপুলি প্ৰদান কৰে।

উল্লেখযোগ্য যে ২০১৭ চনৰ পৰা ২০২০ চনলৈকে তিনিটা বছৰ টীয়কৰ এছ বি আইত চাকৰি কৰা কালছোৱাত গৌতম হাজৰিকাই ৰাইজৰ মাজত থাকি বিভিন্ন সামাজিক ক্ষেত্ৰতো জড়িত হৈ পৰিছিল।