NORTHEAST NOW (Assamese)
অসম

টীয়ক পৌৰ সভাৰ কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক September 2, 2020 2:57 pm
Screenshot_2020-09-02

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি চলি থকা অৱস্থান ধৰ্মঘটৰ  কাৰ্যসূচীৰ অংশ হিচাপে যোৰহাট জিলাৰ টীয়কতো টীয়ক পৌৰসভাৰ কৰ্মচাৰীসকলে  আজি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰাৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা ১ ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ অৱস্থান ধৰ্মঘট কার্যসূচী গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২০১৩ চনৰ ৪ ছেপ্টেম্বৰ তাৰিখে গ্ৰহণ কৰা পৌৰ কৰ্মচাৰীসকলৰ কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰি অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনায়।

লগতে সমূহ পৌৰকৰ্মীৰ অৱসৰকালীন সকলো সা-সুবিধা আৰু পৌৰ কৰ্মচাৰীসকলৰ ৩ মাহৰ পৰা ২৭ মাহ পৰ্যন্ত যি অনাদায় ধন আদায় দিয়া নাই সেই ধন অতি  সোনকালে আদায় দিবলৈ দাবী জনাইছে কৰ্মচাৰীসকলে।