NORTHEAST NOW (Assamese)
অসম

তেজপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা; এন ডি আৰ এফৰ যুদ্ধকালীন অভিযান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 17, 2019 4:20 pm
তেজপুৰত ভয়ংকৰ নাও দুৰ্ঘটনা; এন ডি আৰ এফৰ যুদ্ধকালীন অভিযান

আজি দিনৰ প্ৰায় ১১ বজাত জামুগুৰিৰ ওচৰৰ বিৰিয়াহাটৰ পৰা পাঁচ মাইললৈ জীয়া ভৰলী নৈৰে গৈ থকা এখন নাও ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে এন ডি আৰ এফে অভিযান চলায়।

জানিব পৰা মতে, বৰ্তমান এজন লোক সন্ধানহীন হৈ আছে। নাওখনত মুঠতে ৪০-৫০জন লোক আছিল।

বিৰিয়াহাটৰ পৰা লোকসকল পাঁচমাইলৰ বজাৰলৈ নাৱেৰে গৈ থকা অৱস্থাতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

উক্ত নাওখন চৰকাৰী নাও আছিল। নাওখন যান্ত্ৰিক বিজুতি নে আন কিবা কাৰণত দুৰ্ঘটনাত পতিত হ’ল তাৰ সৱিশেষ জানিব পৰা হোৱা নাই।