NORTHEAST NOW (Assamese)

কাশ্মীৰত তুমুল সংঘৰ্ষ: তিনি সন্ত্ৰাসবাদী সহ দুই আৰক্ষী নিহত

February 19, 2021 5:32 pm · এন ই নাও নিউজ
Updated: February 19, 2021 6:17 pm

জম্মু-কাশ্মীৰৰ ছপিয়ান জিলাৰ বাদিগাম অঞ্চলত আজি দিনৰ ভাগত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে তিনিজন সন্ত্ৰাসবাদী।নিহত সন্ত্ৰাবাদী কেইজন লস্কৰ-ই-তৈবাৰ সদস্য বুলি আৰক্ষী নিশ্চিত হৈছে।

শুকুৰবাৰে বাদিগামত সংঘৰ্ষৰ পাছত সেনা-আৰক্ষীয়ে  সন্ত্ৰাসবাদীক কেইজনক হত্যা কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে বাদিগামত তালাচী অভিযান চলাইছিল।

নিৰাপত্তা বাহিনীৰ দলটোৱে  যোৱা নিশা গোটেই অঞ্চলটো ঘেৰি ৰাখে।

সেনাই গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল।

অভিযানকাৰী দলটোৱে প্ৰথমতে সন্ত্ৰাসবাদীকেইজনক আত্মসমৰ্পণ কৰাৰ নিৰ্দেশ দিয়ে যদিও সন্ত্ৰাসবাদীকেইজনে গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাইয়ো গুলীচালনা কৰে।

ইপিনে আজি দুপৰীয়া পাক সন্ত্ৰাসবাদীয়ে কাশ্মীৰৰ শ্ৰীনগৰৰ বাৰজুল্লা অঞ্চলৰ এখন আৰক্ষী থানাত ধাৰাসাৰ গুলীবৰ্ষণ কৰাৰ ফলত মহম্মদ ইউছুফ আৰু সুশীল আহমেদ নামৰ দুজন আৰক্ষীৰ লোক নিহত হয়।

উল্লেখ্য কাশ্মীৰ উপত্যকাত শেহতীয়াকৈ পুনৰ পাকিস্তানৰ সন্ত্ৰাসবাদী  অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই সেনা-আৰক্ষীয়ে যোৱা কেইবাটাও দিনত বৃহৎ সফলতা লাভ কৰিছে।কিছুদিন পূৰ্বে সেনা-আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ পাক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

Related News