NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ৪১ হাজাৰ প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদ : ২৯ জুনত দিছপুৰ চলো কাৰ্যসূচী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 18, 2019 2:45 pm
index 1243

ৰাজ্যত ৪১ হাজাৰ প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকে মঙলবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। ৰাজ্যৰ সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১২ বজাৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সকলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতো শিক্ষক সমাজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

২০১২ চনত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা প্ৰাথমিক শিক্ষক সকলৰ দৰমহা সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে প্ৰতিবাদকাৰীসকলে  উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে। প্ৰায় পাঁচ শতাধিক প্ৰাথমিক টে’ট শিক্ষকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

ইপিনে, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰাৰ উপৰিও তেওঁৰ সৈতে এক আলোচনাত মিলিত হ’ব বিচাৰে টে’ট উত্তীৰ্ণ শিক্ষকসকলে। সেয়েহে মঙ্গলবাৰে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে।

অন্যথা, অহা ২৯ জুনৰ দিনা দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শিক্ষকসকলে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষক সমাজৰ উপ সভাপতি ৰাজীৱ ৰঞ্জন ধৰে সংবাদ মাধ্যমৰ আগত কয়, “আমাৰ দৰমহা সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, তাৰ বাহিৰে আমাৰ অন্য একো দাবী নাই। শিক্ষামন্ত্ৰীয়ে ড্ৰাইভাৰৰ লগত তুলনা কৰিছে তাক লৈ আমি গৌৰৱ কৰিছোঁ কাৰণ আমি স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ড্ৰাইভাৰ, আমি তেওঁলোকক চলাই আছো।”

আনহাতে, শিক্ষামন্ত্ৰীকো এজন ড্ৰাইভাৰৰ লগত তুলনা কৰি তেওঁ কয়, “শিক্ষামন্ত্ৰী নিজেও এজন ড্ৰাইভাৰ, তেওঁ নিজে শিক্ষা বিভাগ চলাই আছে। শিক্ষা বিভাগ চলোৱা মানুহজনো ড্ৰাইভাৰ।”

তেওঁ লগতে কয়, “ড্ৰাইভিং lisense নৱীকৰণ কৰিবলৈ কোনো পৰীক্ষা দিব নালাগে, তেন্তে আমি আকৌ টেট পৰীক্ষাত কিয় বহিম?’’

আনহাতে,প্ৰতিবাদত অংশগ্ৰহণ কৰা বিত্ত সম্পাদক কুলজিত ঠাকুৰীয়াই সংবাদমাধ্যমৰ আগত কয়, “২০১২ চনত ঠিকাভিত্তিক হিচাপে নিযুক্তি পাইছিলো, কিন্তু শিক্ষা আইনৰ ২৩ নং অনুচ্ছেদত লিখা আছে যে শিক্ষকক ঠিকাভিত্তিক নিযুক্তি দিয়াৰ কোনো নিয়ম নাই, শিক্ষকক স্থায়ীভাৱে নিযুক্তি দিয়াৰ কথা হে আছে। অসম চৰকাৰে ২০১২ চনতে সেই ভুল কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ পৰা বাৰম্বাৰ নিৰ্দেশনা আহি আছে যে এই শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব লাগে। কিন্তু অসম চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই।”