NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আৰ্থিক বৰঙনি টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 18, 2019 12:46 pm

বানপীড়িত অঞ্চলৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। শনিবাৰে অৰ্থাৎ ১৭ আগষ্টত মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ ১ লাখ ২৫ হাজাৰ টকাৰ সাহায্য আগবঢ়াই শিক্ষক সকলে।

শনিবাৰে দিচপুৰস্থিত মুখ্য মন্ত্ৰী কাৰ্যালয়ত সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি এই চেক প্ৰদান কৰে টে’ট উত্তীৰ্ণ শিক্ষকসকলে।

টে’ট উত্তীৰ্ণ শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিয়ে বিভিন্ন জিলাত কৰ্মৰত শিক্ষকৰ সহযোগত এই সাহায্য আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে জনোৱা অনুসৰি জিলা সমিতিসমূহেও নিজাববীয়াকৈ বানপীড়িত অঞ্চলৰ ৰাইজৰ ওচৰলৈ গৈ বান সাহায্য প্রদান কৰিছিল।

আনহাতে বান সাহায্য আগবঢ়োৱাৰ সময়তে টে’ট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ সন্দৰ্ভতো টে’ট উত্তীৰ্ণ শিক্ষক সমাজে মুখ্য মন্ত্ৰীক এক স্মাৰকপত্ৰ প্ৰদান কৰে।