NORTHEAST NOW (Assamese)
Popular Stories

কেন্সাৰ নিৰাময়ৰ বাবে মূত্ৰাশয়ৰ অস্ত্ৰোপচাৰ; চেতনা ঘূৰি অহাৰ পিছত ব্যক্তিয়ে দেখিলে লিংগ আৰু অণ্ডকোষ নাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2025 11:45 am

মূত্ৰাশয়ৰ কৰ্কট ৰোগত চিকিৎসাধীন হৈ থকা অৱস্থাত এজন লোকে লিংগ আৰু অণ্ডকোষ হেৰুৱাই পেলায়। আমেৰিকাৰ টেক্সাছৰ হাৰ্চেল ৰালছ নামৰ এজন লোকৰ মূত্ৰাশয়ৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছিল। চেতনা ঘুৰি অহাৰ পিছত তেওঁ লাভ কৰিছিল ভয়ংকৰ খবৰটো।

এই ঘটনা ১৯৯৯ চনৰ যদিও ২০০৩ চনতহে গোচৰটো নিষ্পত্তি হয় আৰু শেহতীয়াকৈ ছচিয়েল মিডিয়াত এই ঘটনা পোহৰলৈ আহিছে। ব্যক্তিজনে কয় যে চিকিৎসকে তেওঁক বা পত্নীক অৱগত নকৰাকৈয়ে তেওঁৰ যৌনাংগ আঁতৰাই পেলাইছিল।

সেই মুহূৰ্তটো মনত পেলাই ৰালছে সংবাদ মাধ্যমক জনাইছে যে অস্ত্ৰোপচাৰৰ পিছত তেওঁ সাৰ পাই বিচনাৰ কাষত পত্নীক দেখা পাইছিল। ৰালছৰ হাতত ধৰি তেওঁ ক’লে যে মূত্ৰাশয়ৰ লগতে তেওঁৰ আঁতৰোৱা অংগবোৰতো কেন্সাৰ বিয়পি পৰিছিল। সেয়ে চিকিৎসকে সেইবোৰ আঁতৰাবলৈ বাধ্য হ’ল।

পিছত পোহৰলৈ অহা ঘটনাটো আছিল আৰু বেদনাদায়ক। পেথ’লজী পৰীক্ষাত দেখা গ’ল যে আঁতৰোৱা লিংগৰ কলাত কেন্সাৰৰ কোনো লক্ষণ দেখা নগ’ল। ইয়াৰ পিছতে ৰালছে চিকিৎসালয়খনৰ বিৰুদ্ধে গোচৰ তৰে। ৰালছে চিকিৎসাৰ গাফিলতি আৰু অস্ত্ৰোপচাৰৰ পূৰ্বে তেওঁক সঠিকভাৱে অৱগত নকৰাৰ অভিযোগ উত্থাপন কৰে। ক্ষতিপূৰণ দি সেই বছৰতে আদালতৰ বাহিৰত ঘটনাটো নিষ্পত্তি কৰি লৈছিল চিকিৎসালয়খনে।

ৰালছে কয় যে চিকিৎসকে তেওঁক অস্ত্ৰোপচাৰৰ পূৰ্বে লিংগ আঁতৰোৱাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰা নাছিল। তেওঁৰ পত্নী থেলমাইও কয় যে তেওঁলোকৰ সৈতে এই বিষয়টো কেতিয়াও আলোচনা কৰা হোৱা নাছিল। তেওঁলোকে দাবী কৰে যে যদি তেওঁলোকক কোনো ইংগিত দিয়া হ’লহেঁতেন তেন্তে তেওঁলোকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ আগতে সেই বিষয়ে আলোচনা কৰি সিদ্ধান্ত ল’ব পাৰিলেহেঁতেন।

এক বিবৃতিত ৰালছৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞই কয় যে মূত্ৰাশয় আঁতৰোৱাৰ সময়ত তেওঁ ভাবিছিল যে কেন্সাৰ লিংগ আৰু অণ্ডকোষলৈ বিয়পি পৰিছে। গতিকে তেওঁ অপাৰেচন কৰাৰ সিদ্ধান্ত ল’লে। কিন্তু অস্ত্ৰোপচাৰৰ পিছত কোনো কলা (টিছ্যু)পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হোৱা নাছিল। পিছত ডালাছৰ এজন চিকিৎসকে নমুনা পৰীক্ষা কৰি নিশ্চিত কৰে যে ৰালছৰ লিংগত কেন্সাৰ হোৱা নাই।

এই ঘটনা পোহৰলৈ অহাত ছচিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশই বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰে। নেটিজেনৰ এটা অংশই চিকিৎসালয়খন আৰু চিকিৎসকৰ গাফিলতিৰ সমালোচনাত সৰৱ হৈ পৰে।