NORTHEAST NOW (Assamese)
অসম

তেজপুৰস্থিত জি আই এম টিত ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2019 1:33 pm
GIMT Tezpur 2

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজি চমুকৈ জি আই এম টি, তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে আগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত ব’হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ-পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি প্ৰতিবছৰে এই অনুষ্ঠানটো উদযাপন কৰি অহা হৈছে।

উক্ত দিনটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগতে কৰ্মচাৰীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টিৰ পৰিৱেশন কৰে। অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক সমিলমিলৰ লগতে উত্তৰ-পূব ভাৰতৰো সংস্কৃতিক ভিন্নতাক প্ৰতিনিধিত্ব কৰা উক্ত দিনটো প্ৰতিষ্ঠানখনৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ দিন হিচাপে বিবেচিত হৈ আহিছে।

অইন বাৰৰ দৰে এইবাৰো বৰ্ণাধ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লোৱা উক্ত অনুষ্ঠানটোৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব ‘পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা’, ‘পৰম্পৰাগত খাদ্য প্ৰস্তুত প্ৰতিযোগিতা’ৰ লগতে অসমীয়া পৰম্পৰাগত খেল-ধেমালি। এই কথা সাংস্কৃতিক বিভাগৰ তত্বাবধায়ক সাধনা গোস্বামীয়ে জানিবলৈ দিছে।