NORTHEAST NOW (Assamese)
অসম

অন্য ‘ৰাষ্ট্ৰীয় দল’ত যোগদানৰ সম্ভাৱনা প্ৰকাশ কৰিলে সাংসদ আৰ পি শৰ্মাই

Posted by: এন ই নাও নিউজ March 16, 2019 5:22 pm
RP Sharma

ৰাজ্যিক বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা প্ৰাৰ্থীৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাত অপমানিত বোধ কৰি আজি বিজেপি ত্যাগ কৰা তেজপুৰৰ সাংসদ ৰামপ্ৰসাদ শৰ্মাই আন এটা দলত যোগদান কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিলে। আজি দিনৰ ১২ বজাত নতুন দিল্লীৰ ১৬৪ নং নৰ্থ এভিনিউৰ চৰকাৰী বাসভৱনত সংবাদমেল দি এই ইংগিত দিয়ে সাংসদজনে।

নিৰ্দলীয় হৈ প্ৰাৰ্থিত্ব আগ বঢ়াব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদজনে কয়, “এতিয়ালৈকে ভবা নাই, কাইলৈ-পৰহিলৈৰ ভিতৰত ভাবিম। ২৫ তাৰিখলৈকে দিন আছে মনোনয়ন পত্ৰ দাখিল কৰাৰ। এদিনতো বা এঘণ্টাতো মনোনয়ন পত্ৰ দিব পাৰি। মোৰ সকলো পেপাৰ ৰেডি আছে।”

আনহাতে বেলেগে ৰাষ্ট্ৰীয় দলত যোগদান কৰিব নেকি? বা অন্য দলৰ হৈ কেম্প্ইন কৰিব নেকি নিৰ্বাচনত? –সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰত সাংসদজনে কয়, “কৰিব পাৰো, কৰিব পাৰো”।

সম্ভাব্য দলৰ প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত সাংসদজনে কয়, “কংগ্ৰেছ বুলি নকওঁ, কংগ্ৰেছো হ’ব পাৰে বা যিকোনো দল হ’ব পাৰে। ৰাষ্ট্ৰীয় দলতে কৰিম”, আঞ্চলিক দলৰ তাত এতিয়া পৰিস্থিতি নাই বুলি দাবী কৰি মন্তব্য আৰ পি শৰ্মাৰ।

আনহাতে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰলৈ সংকট নমাই অনা মন্ত্ৰী হিমন্তক সাপৰ লগত তুলনা কৰে। “সাপক যদি আপুনি এবাৰ কোব মাৰি দিয়ে নহয়, সি জীৱনত কেতিয়াও নাপাহৰে। এই পৰিস্থিতিটো তেনেকুৱাও হ’ব পাৰে। কাৰণ মই ২০১৫ চনত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ বিৰোধিতা কৰিছিলো” হিমন্তই তেওঁৰ কেৰিয়াৰ ধ্বংস কৰাৰ আঁৰৰ সম্ভাব্য কাৰণ ব্যাখ্যাৰে আৰ পি শৰ্মাই কয়।

“অৱশ্যে মই বিজেপিত যোগদান কৰাৰ পিছত হিমন্তক ভাই হিচাপে মানি লৈছিলো। সদায়ে আমি হোৱাটছ এপ, ফ’নত কথা হওঁ। দেখাত আমাৰ ৰিলেইশ্যন খুব ভাল”, শৰ্মাই কয়।

আনহাতে তেওঁ ২০১৫ চনত হিমন্ত বিশ্ব বাহিনীয়ে যোগদান কৰাৰ সময়তে আজিৰ এই পৰিস্থিতিটোৰ বিষয়ে অনুমান কৰিছিল বুলি জানিবলৈ দিয়ে।

“পুৰণা পাৰ্টী কৰ্মীৰ অস্তিত্ব যে মাটিৰ লগত মিলি যাব, তেতিয়াই অনুমান কৰিছিলো। এজিপিৰ সৈতে মিত্ৰতা হ’বৰ সময়তে মই বিৰোধিতা কৰিছিলো। কিন্তু মোক ক’ৰ কমিটিৰ পৰা উলিয়াই দিয়া হ’ল। মোক একশ্যন কমিটীৰ পৰা উলিয়াই দিয়া হ’ল। তেতিয়াও মই ইনছাল্ট ফিল নকৰিলো। কিন্তু পৰহি যেতিয়া ৰাজ্যিক বিজেপিৰ ইলেকশ্যন কমিটিৰ মিটিঙত মোৰ নাম পেনেলতে নাৰাখিলে, তেতিয়া মই অপমানিত বোধ কৰিলো। সকলো সাংসদৰ নাম আছে, কিন্তু আৰ পি শৰ্মাৰ নাম নাই। ইমানবোৰ ইলেকশ্যন জিকালো। টিকট দিব নালাগে, ঠিক আছে, কিন্তু নামটোতো অন্ততঃ দুই নম্বৰ, তিনি নম্বৰ… দহ নম্বৰতো যদি পঠালে হেঁতেন। বা বুজালে হেঁতেন যে আৰি পি দা আপুনি সহায় কৰক, মই খেলিম। মোৰ আপত্তি নাথাকিল হেঁতেন। মই পাৰ্টীৰ হৈ কাম কৰিলো হেঁতেন। এতিয়া বুজালে কিয় বুজিম হে?” ক্ষোভ আৰু উষ্মাৰে তেজপুৰৰ সাংসদজনে স্বগতোক্তিৰ দৰে কৈ যায়।

তাৰ পিছত তেওঁ বিজেপিৰ নেতৃত্বক কয়, “ললিপপ নুখুৱাব মোক, ললিপপ পাঁচবছৰীয়া কেঁচুৱাই খায়।”