NORTHEAST NOW (Assamese)

তেজপুৰ বিশ্ববিদ্যালয়ৰ বৃহৎ প্ৰশাসনিক ৰদ-বদল! পদত্যাগ দুই শীৰ্ষ বিষয়াৰ…

October 16, 2025 2:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 16, 2025 2:06 pm

তেজপুৰ বিশ্ববিদ্যালয়ত অব্যাহত আছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। শেহতীয়া কৈ বিশ্ব বিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে বৃহৎ প্ৰশাসনিক সালসলনি। প্ৰাপ্ত তথ্য অনুসৰি ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱ আৰু অভিযান্ত্ৰিক বিদ্যালয়ৰ ডীন শংকৰ চন্দ্ৰ ডেকাই পদৰ পৰা পদত্যাগ কৰিছে।

ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱে ভাৰপ্ৰাপ্ত উপাচাৰ্য ৰাজা ৰফিকুল হকক দায়িত্বৰ পৰা অব্যাহতিৰ অনুৰোধ পত্ৰ প্ৰেৰণ কৰে আৰু সেই অনুৰোধ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি প্ৰদান কৰে। সমান্তৰালভাৱে অভিযান্ত্ৰিক বিদ্যালয়ৰ ডীন শংকৰ চন্দ্ৰ ডেকাইও পদত্যাগ কৰে।

জানিব পৰা মতে দুয়োজন বিষয়াই গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছে।অভিযোগ অনুসৰি উপাচাৰ্যৰ নিৰ্দেশত অনৈতিক কাৰ্যকলাপত লিপ্ত হ’বলৈ অধীনস্থসকলক হেঁচা প্ৰয়োগ কৰিছিল। আৰু এই গুৰুতৰ অভিযোগৰ পিছতে দুয়োজন বিষয়াই পদত্যাগ কৰিবলৈ বাধ্য হয়।

Related News