NORTHEAST NOW (Assamese)
অসম

অৰাজক পৰিস্থিতি! ২ বছৰ পাঁচ মাহত ৩৮৮ দিন অনুপস্থিত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 18, 2025 10:50 am

চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

তেওঁৰ অপসাৰণৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছত বিশ্ববিদ্যালয় চৌহদৰ পৰা আঁতৰি থকা উপাচাৰ্য শম্ভু নাথ সিঙে দুবছৰ পাঁচ মাহত মুঠ ৫১ বাৰ একাধিক চহৰ ভ্ৰমণ কৰিছে। এই আচৰিত তথ্যই সমগ্ৰ শৈক্ষিক সমাজৰ চকু কপালত তুলিছে।

নৰ্থইষ্ট নাওৰ হাতত পৰা এই আছুতীয়া তথ্যত দেখা গৈছে যে ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ৫১টা আনুষ্ঠানিক ভ্ৰমণ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সিং ৩৮৮ দিন—প্ৰায় ১৩ মাহ—কেম্পাছত অনুপস্থিত আছিল।

অৰ্থাৎ উপাচাৰ্যগৰাকী প্ৰতিমাহে গড়ে প্ৰায় ১৬ দিন অনুপস্থিত আছিল। তেওঁৰ আটাইতকৈ দীঘলীয়া ভ্ৰমণসূচীটো ২২ দিন ধৰি চলিছিল। সঘনাই কৰা ভ্ৰমণবোৰ আছিল মূলতঃ দিল্লীলৈ, আন কিছুমান জয়পুৰ আৰু গুৱাহাটীলৈ আছিল।

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যাপকসকলেও যুক্তি আগবঢ়ায় যে এই দীৰ্ঘদিনীয়া অনুপস্থিতিৰ ফলত প্ৰশাসনিক অচলতা আৰু যোগাযোগৰ জটিল সংকটৰ সৃষ্টি হৈছে। প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ অচলাৱস্থাৰ প্ৰত্যক্ষ কাৰণেই হৈছে উপাচাৰ্যগৰাকীৰ অৱহেলা।

যোৱা ৮ অক্টোবৰত ছাত্ৰ-ছাত্ৰীৰ অসন্তুষ্টিয়ে চৰম পৰ্যায়ত উপনীত হয়, যেতিয়া উপাচাৰ্যগৰাকী একেৰাহে তৃতীয় সপ্তাহৰ বাবে অনুপস্থিত থকাৰ কথা জানিব পাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ প্ৰতিবাদ সাব্যস্ত কৰে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে উপাচাৰ্য সিঙে শৈক্ষিক আৰু প্ৰশাসনিক দুয়োটা দায়িত্বৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে।

সংকটৰ মাজতে বিশ্ববিদ্যালয়খনৰ অন্তৱৰ্তীকালীন প্ৰশাসনত জোকাৰণিৰ সৃষ্টি হয়। ১৬ অক্টোবৰত ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত তেওঁক কৰ্তব্যৰ পৰা অব্যাহতি দিয়া হয়। তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ভাৰপ্ৰাপ্ত ভিচি ৰাজা ৰফিকুল হকে।

উপাচাৰ্যগৰাকীৰ এই কেম্পাছৰ পৰা দীঘলীয়া সময়ৰ বাবে আঁতৰি থকাৰ বিষয়টোৱে প্ৰশ্নৰ অৱতাৰণা কৰিছে  আৰু ই তাৎক্ষণিক জবাবদিহিতা আৰু স্থায়ী নেতৃত্ব পৰিৱৰ্তনৰ বাবে চলি থকা দাবীক নতুনকৈ ইন্ধন যোগাইছে।