NORTHEAST NOW (Assamese)
Popular Stories

ৰাজনৈতিক জীৱনৰ প্ৰথম খোজতে অঘটন! গ্ৰেপ্তাৰ হ’ব নেকি অভিনেতা থালাপতি বিজয়…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2025 7:26 pm

তামিলনাডুৰ কাৰুৰত জনপ্ৰিয়  অভিনেতা থালাপতি বিজয়ৰ দলে আয়োজন কৰা বিশাল জন সভাত পদপিষ্ট হৈ ৪১ জন লোকৰ মৃত্যু হোৱাৰ পিছতে ৰাজনৈতিক বিতৰ্কই তীব্ৰতৰ ৰূপ লৈছে। থালাপতি  বিজয়ৰ দল তামিলাগা ভেট্ৰি কাঝাগাম (টিভিকে)য়ে এই ঘটনাৰ আঁৰত ষড়যন্ত্ৰ থকা বুলি অভিযোগ উত্থাপন কৰি চিবিআইৰ তদন্তৰ দাবী জনাইছে। তামিলনাডু বিজেপিৰ প্ৰাক্তন সভাপতি কে আন্নামলাইয়েও একেই দাবী উত্থাপন কৰিছে। আনহাতে, ৰাজ্যৰ বিজেপি নেতৃত্বই সমগ্ৰ ঘটনাৰ বাবে শাসকীয় দল ডিএমকে প্ৰশাসনৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি দোষাৰোপ কৰিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হৈছে যে গ্ৰেপ্তাৰ কৰা হ’ব নেকি থালাপতি বিজয়।

জানিব পৰা মতে ঘটনাৰ পিছত টিভিকেৰ তিনিগৰাকী কৈ শীৰ্ষ নেতাৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। বিজয়ক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা থাকে। অৱশ্যে, যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত হ’ব বুলি তেওঁ উল্লেখ কৰে। টিভিকেয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি চিবিআই বা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। দলটোৰ দাবী অনুসৰি, হঠাতে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে, আৰক্ষীৰ লাঠিচাৰ্জ আৰু শিলগুটি নিক্ষেপৰ ফলত এই ঘটনা সংঘটিত হৈছে। কিন্তু আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰি দাবী কৰিছে যে অত্যধিক ভিৰ আৰু বিজয়ৰ সভাস্থলীত পলমকৈ উপস্থিত হোৱা বাবেহে এই ঘটনা সংঘটিত হৈছে। উল্লেখ্য যে থালাপতি বিজয়ে মৃতকৰ পৰিয়ালক ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে যদিও এই ঘটনাই বিজয়ৰ ৰাজনৈতিক ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰিছে।