NORTHEAST NOW (Assamese)
অসম

গল্পকাৰ নয়নজ্যোতি শৰ্মালৈ ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 6, 2023 4:06 pm

সোমবাৰে ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা। 

সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসে তৰুণ লেখক-লেখিকাসকলক উদগনি জনাবলৈ এই বঁটা প্ৰদান কৰা হয়। 

সোমবাৰে এক বিবৃত্তিযোগে মুনীন বৰকটকী স্মাৰক ন্যাসে এই বটাঁৰ কথা প্ৰকাশ কৰে।

এই বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা ‘জাল কটা জুই’ শীর্ষক চুটিগল্প সংকলনৰ বাবে তৰুণ গল্পকাৰ নয়নজ্যোতি শৰ্মালৈ আগবঢ়োৱা হৈছে। 

উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ৩৫ বছৰ অনুৰ্ধৰ লেখক-লেখিকাসকলক এই বঁটা প্ৰদান কৰি অহা হৈছে। 

এই বঁটাত আছে নগদ ৫০ হাজাৰ টকা, এটা স্মাৰক আৰু এখন প্রশস্তি-পত্ৰ।