NORTHEAST NOW (Assamese)
অসম

৩১ জানুৱাৰিৰ পৰা আইআইটি গুৱাহাটীৰ আলচেৰিংগা মহোৎসৱ

Posted by: এন ই নাও নিউজ January 29, 2019 5:07 pm
alcheringa

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অৰ্থাৎ আইআইটি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক কাৰ্যসূচী জানুৱাৰিৰ ৩১ তাৰিখৰ পৰা ফেব্ৰুৱাৰিৰ ৩ তাৰিখলৈকে অনুষ্ঠিত হ’ব।

২০১৯ৰ আলচেৰিংগাৰ থিম হৈছে ‘দ্য ইথাৰিয়েল কনকুৱেষ্ট’ আৰু ইয়াৰ লক্ষ্য হৈছে অসফলতাৰ ভয়ক জিনি সপোন আৰু আশাৰ বিজয় লাভ।

দৰ্শকসকলৰ মাজত শিঁহৰণকাৰী কাৰ্যসূচী আৰু পৰিৱেশনা কৰাৰ বাবে এই মহোৎসৱৰ ৪ নিশা ধৰি বিখ্যাৎ শিল্পীসকলে তেওঁলোকৰ প্ৰতিভা পৰিৱেশন কৰিব।

মোহন বীণাত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত প্ৰখ্যাৎ শিল্পী গ্ৰেমী বঁটা বিজয়ী বিশ্ব মোহন ভাটে উদ্বোধনী নিশা অনুষ্ঠান পৰিৱেশন কৰিব।

বিখ্যাৎ কানাডিয়ান মেটেল বেণ্ড দ্য অৰ্ডাৰ অব কেওছে (The Order of Chaos)ফেব্ৰুৱাৰিৰ ১ তাৰিখে জগৰন’ট : ‘দ্য মেটেল নাইট’(Juggernaut: The Metal Night) শীৰ্ষক অনুষ্ঠান পৰিৱেশন কৰিব।

তৃতীয় নিশাৰ সাংস্কৃতিক অনুষ্ঠান ‘ক্ৰিজেনডো’ত (Crescendo) অনুষ্ঠান পৰিৱেশন কৰিব বলীউডৰ সচীন-জিগৰ আৰু গায়ক এছ কিঙে।

৩ ফেব্ৰুৱাৰিৰ অন্তিম সাংস্কৃতিক নিশাত স্পেনিশ্ব হাউছ আৰু ইলেক্ট্ৰো হাউছ ডিজে আৰু প্ৰযোজক ডেনী আভিলা আৰু মেক্সিকোৰ ডিজে আৰু প্ৰযোজক মাৰিয়ানা বোৱে অনুষ্ঠান পৰিৱেশন কৰিব।

আলচেৰিংগাত সাহিত্য, সংগীত নৃত্য, কলা, ক্ৰীড়াৰ বিভিন্ন ভাগসমূহৰ ওপৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। উক্ত সাংস্কৃতিক মহোৎসৱৰ সময়চোৱাত বিভিন্ন ধৰণৰ কাৰিকৰী কৰ্মশালাও অনুষ্ঠিত কৰা হ’ব। বিভিন্ন ৰাজ্যৰ হস্তশিল্প হাতেবোৱা বস্ত্ৰৰো এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব।