কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী
কুলশী নৈত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব বিচৰা ৫৫ মেগাৱাট ক্ষমতাসম্পন্ন বহুমুখী প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰিছে অঞ্চলটোৰ কেইবাটাও দল-সংগঠনে। প্ৰকল্পটো কোনো পৰিস্থিতিতেই গ্ৰহণ নকৰিব বুলি ঘোষণা কৰি প্ৰয়োজন হ’লে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনসমূহে।
উল্লেখ্য যে, যোৱা ৩০ জুলাই ব্ৰহ্মপুত্ৰ ব’ৰ্ডে অসম চৰকাৰৰ অধীনস্থ বিদ্যুৎ উৎপাদক সংস্থা অসম শক্তি উৎপাদন কোম্পানী লিমিটেড (APGCL)-ক কুলশী নৈৰ উকিয়ামত প্ৰস্তাৱিত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিশদ প্ৰকল্প প্ৰতিবেদন (DPR) হস্তান্তৰ কৰে। ইয়াৰ পিছতে শুকুৰবাৰে ছয়গাঁৱৰ জংগম সাংস্কৃতিক ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অসম-মেঘালয় কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চ, নিখিল ৰাভা জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতি আৰু গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিয়ে একেলগে এই প্ৰকল্পৰ বিৰোধিতা কৰে।
সংবাদমেলত সংগঠনসমূহে অভিযোগ কৰে যে, ঐতিহাসিক চানডুবি বিলৰ পৰা মাত্ৰ প্ৰায় তিনি কিলোমিটাৰ উজনিত বান্ধ বা বহুমুখী প্ৰকল্প নিৰ্মাণ হ’লে ভৱিষ্যতে বানপানী, ভূমিকম্প বা ডাৱৰ বিস্ফোৰণৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত কুলশী নৈৰ নিম্ন অববাহিকাৰ বিস্তীৰ্ণ অঞ্চলৰ কৃষি, পশুধন, জীৱন-জীৱিকা, সংস্কৃতি আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলিও সংগঠনসমূহে আশংকা প্ৰকাশ কৰে।
তেওঁলোকে কয় যে, এই প্ৰকল্পৰ ফলত ঐতিহাসিক চানডুবি বিল, দৰাবিল, ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী তথা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী নদীশিহুৰ বাসস্থান আৰু প্ৰজনন ক্ষেত্ৰৰ লগতে সমগ্ৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হ’ব পাৰে। ইয়াৰ উপৰিও নদীকেন্দ্ৰিক জীৱিকা নিৰ্বাহ কৰা মৎস্যজীৱী, মৃতশিল্পী আৰু স্থানীয় জনসাধাৰণৰ জীৱন-জীৱিকাও সংকটত পৰিব বুলি সংগঠনসমূহে দাবী কৰে।
সংগঠনসমূহে চৰকাৰৰ ওচৰত কেইবাটাও দাবী উত্থাপন কৰি কুলশী নৈৰ প্ৰস্তাৱিত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্প অতি শীঘ্ৰে বাতিল কৰা, নৈপৰীয়া ৰাইজৰ কৃষি, জীৱন-জীৱিকা আৰু সংস্কৃতি সুৰক্ষিত ৰখা, নদীশিহুৰ বাসস্থান আৰু প্ৰজনন ক্ষেত্ৰ সংৰক্ষণ কৰা আৰু চানডুবি বিল তথা দৰাবিল ৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়।
সংবাদমেলত কুলশী নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চৰ সভাপতি চবিন চন্দ্ৰ ৰাভা, সম্পাদক চেংজান এন. চাংমা, উপদেষ্টা দেৱজিৎ চৌধুৰী, উপ-সভাপতি এছোছ মাৰাক, লোপেষ্টী চাংমা, লেচমিনি চাংমা, কুমুদ চন্দ্ৰ ৰাভা, সাংগঠনিক সম্পাদক মৃত্যুঞ্জয় ৰাভা, পৰিৱেশ কৰ্মী প্ৰসন্ন কলিতা, সহ-সম্পাদক অনিমা ছোচাং, নিখিল ৰাভা জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ সম্পাদক বুদ্ধেশ্বৰ ৰাভা, যুটীয়া সম্পাদক বনোজ কুমাৰ ৰাভা, গাৰো জাতীয় পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি ইনেন্দ্ৰ চাংমা আৰু উকিয়াম গাঁৱৰ গাঁওপ্ৰধান মে’খিম চাংমা উপস্থিত থাকে।