NORTHEAST NOW (Assamese)
Popular Stories

চাহ বাগিচাৰ শ্ৰমিকক ২০ শতাংশ বোনাছ আদায় দিবলৈ দাবী আপৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 25, 2024 9:34 pm

শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ৰাজ্যৰ চাহ বাগিচা সমূহত কৰ্মৰত শ্ৰমিক সকলক ২০ শতাংশ বোনাছ আদায় দিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে আপৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই চাহ শ্ৰমিকৰ বোনাছ সন্দৰ্ভত কয়, ” চাহ শ্ৰমিক সকলৰ ২০ শতাংশ বোনাছৰ তেওঁলোকৰ প্ৰাপ্য। বাগিচা সমূহৰ মালিক পক্ষই এই দাবী মানি লোৱা উচিত। ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বাগিচা শ্ৰমিক সকলে ২০ শতাংশ বোনাছ বিচাৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু মালিক পক্ষই তেওঁলোকক ১৫ শতাংশ বোনাছ আদায় দিব বিচাৰিছে। আমি আম আদমী পাৰ্টিয়ে শ্ৰমিক সকলৰ ন্যায্য দাবী মানি ল’বলৈ চাহ বাগিচা কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। “

 

আপৰ জ্যেষ্ঠ নেতা ৰাজীৱ শইকীয়াই কোম্পানী আইনৰ অধীনতে শ্ৰমিক সকলে ২০ শতাংশলৈকে বোনাছ পাব লাগে বুলি মত ব্যক্ত কৰে। তেওঁ কয়,” ইতিপূৰ্বে চৰকাৰেও ২০ শতাংশ বোনাছ দিবলৈ বাগিচা কৰ্তৃপক্ষলৈ নিৰ্দেশ দিছিল। অথচ চৰকাৰৰ নিৰ্দেশ তথা কোম্পানী আইন উলংঘা কৰি শ্ৰমিক সকলক বঞ্চিত কৰিব বিচাৰিছে।” উল্লেখ্য যে চাহ বাগিচাত কাম কৰা শ্ৰমিক সকলে দুৰ্গা পূজাৰ পূৰ্বে লাভ কৰা বোনাছৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ পৰিয়ালৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰে। বছৰটোৰ অধিক সময় তেওঁলোকে ন্যূনতম মজুৰিত কঠোৰ পৰিশ্ৰম কৰে। এই সকল শ্ৰমিকক সকাহ আৰু কৰ্মক্ষেত্ৰত উৎসাহ যোগোৱাৰ বাবেই মালিক পক্ষক ২০ শতাংশ বোনাছৰ দাবী মানি ল’বলৈ আপৰ নেতাগৰাকীয়ে আহ্বান জনায়।