NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 6, 2024 8:45 pm

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আজি আম আদমী পাৰ্টিৰ বহুসংখ্যক নেতা, কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

আপৰ নেতা ৰমেন বৰঠাকুৰ আৰু অনুৰূপা ডেকাৰজাৰ নেতৃত্বত দলৰ কৰ্মী সকলে কৃত্ৰিম বানে যাতায়াত অচল কৰা ৰুক্মিণী গাঁৱত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ লগতে গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে। আপৰ নেতা ৰমেন বৰঠাকুৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটীৰ বান সমস্যা অবিলম্বে সমাধান কৰিবলৈ দাবী জনায়।

আনহাতে, গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰম ব্যৰ্থতাৰ পৰিচয় দিয়া মন্ত্ৰী অশোক সিংহলৰ ক’লা পানী আৰু ৰঙা পানীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰে বৰঠাকুৰে। তেওঁ কয়, ” গুৱাহাটী মহানগৰীত মেঘালয়ৰ পৰা অহা পানীৰ ফলতো যদি বানপানী হয়, সেই বান প্ৰতিৰোধৰ দায়িত্ব ৰাজ্য চৰকাৰৰ।” একাংশ ৰাইজে বাহিনী আৰু ভৰলু নৈ খনন কৰিবলৈ চৰকাৰক দাবী জনোৱা বিষয়টোতো বৰঠাকুৰে গুৰুত্ব আৰোপ কৰে।

আপৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই ইমানদিনে গুৱাহাটীৰ বান সমস্যাক লৈ ৰাজ্য চৰকাৰে কৰি অহা ল’ৰা ধেমালিৰ সমালোচনা কৰে।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন আৰু বিধান সভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা বিজ্ঞান সন্মত ভাবে সমাধান কৰাৰ ভুৱা প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আপৰ নেত্ৰী গৰাকীয়ে।

ৰাজ্য তথা মহানগৰ বান পীড়িত তথা দুৰ্গত লোকৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অবিলম্বে নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায় ডেকাৰজাই।

ৰমেন বৰঠাকুৰ আৰু অনুৰূপা ডেকাৰজাৰ উপৰি আপৰ নেতা সৌৰভ কলিতা, প্ৰবীন শৰ্মা, জিতু ডেকাৰ লগতে আন বহুকেইগৰাকী কৰ্মকৰ্তাই একাঠু পানীৰ মাজত নামি ৰুক্মিণী গাঁৱ অঞ্চলৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লয়।