NORTHEAST NOW (Assamese)
দেশ

আপ, অসমৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে! ন্যস্ত স্বাৰ্থ জড়িত মহলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ আপৰ নেতৃত্ব

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 28, 2024 9:20 pm

বিগত কিছুদিনৰ পৰা আম আদমী পাৰ্টিৰ বিৰুদ্ধে এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে বিভিন্ন ধৰণৰ অপপ্ৰচাৰত লিপ্ত হোৱা বুলি দাবী কৰিছে আম আদমী পাৰ্টী অসমে।

পূৰ্বে দলৰ সৈতে জড়িত একাংশ লোকক দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত যোৱা ১৫ জুলাইত দলৰ পৰা নিলম্বন কৰিছে শীৰ্ষ নেতৃত্বই।

দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ১৫ জুলাই তাৰিখে স্বাক্ষৰিত এক নিৰ্দেশনা অনুসৰি শিৱসাগৰৰ চন্দনজ্যোতি ফুকন, চৰাইদেউৰ মুনীন গগৈ, গুৱাহাটীৰ ব্ৰজেন সন্দিকৈ, নাৰায়ণ দত্ত ভূঞা আৰু অনুৰূপা বড়োক দলৰ পৰা নিলম্বন কৰা হৈছে। তাৰ পাছতো আপৰ বিৰুদ্ধে তেওঁলোকে ষড়যন্ত্ৰমূলক কাম কাজ অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰিছে আপে।

এই সন্দৰ্ভত আজি দলৰ ৰাজ্যিক ৱৰ্কিং কমিটীৰ সদস্য ৰাজীৱ শইকীয়াই কয়, ” এটা ন্যস্তস্বাৰ্থ জড়িত মহলে আপক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ অপচেষ্টা কৰিছে। ইতিপূৰ্বে দলত্যাগ কৰা আৰু দলৰ পৰা নিলম্বিত হোৱা সকলে এই ক্ষেত্ৰত নেতৃত্ব বহন কৰিছে। আমি সকীয়াই দিব বিচাৰোঁ যে আপক দুৰ্বল কৰিব বিচৰা কোনো শক্তিৰ সৈতে দলে আপোচ নকৰে। আপৰ দলীয় সংবিধান আৰু নীতি- নিয়মৰ ভিত্তিতহে দল চলিব। অসৎ অভিপ্ৰায় থকা কোনো বহিঃশক্তিৰ শ্ৰুতলিপি অনুসৰি আম আদমী পাৰ্টি নচলে। গতিকে ন্যস্তস্বাৰ্থ জড়িত মহলক আপৰ আভ্যন্তৰীণ বিষয়ৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিলোঁ। “