NORTHEAST NOW (Assamese)
দেশ

পেহেলগাম ঘটনাৰ মৃতকৰ প্ৰতি সন্মান জনাই ৩ দিনৰ বাবে ৱাকফ সুৰক্ষা আন্দোলন স্থগিত ৰাখিলে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2025 6:28 pm

দক্ষিণ কাশ্মীৰৰ পেহেলগামত মঙলবাৰে সংঘটিত হয় এক ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণ। এই ঘটনাত ২৬ জন নিৰীহ পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৭ গৰাকী লোক আহত হয়।

এই ঘটনাত নিহত ছহিদ সকলৰ প্ৰতি সন্মান জনাই সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন বৰ্ডে (AIMPLB) ৱাকফ সুৰক্ষা আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন বৰ্ডে এক বিবৃতি প্ৰকাশ কৰি কয় যে এই ঘটনা অত্যন্ত মৰ্মান্তিক আৰু নিন্দনীয়। মৃতকৰ পৰিয়ালৰ প্ৰতি সন্মান জনাই অহা ৩ দিনৰ বাবে ৱাকফ সুৰক্ষা আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে বৰ্ডে। অৱশ্যে তিনিদিনৰ পাছত পুনৰ আন্দোলন আৰম্ভ হব বুলি বৰ্ডে অৱগত কৰিছে।

আগশাৰীৰ মুছলমান সংগঠন জামাত-ই-ইছলামী হিন্দ আৰু উলানা-ই-হিন্দে পেহেলগাম কাণ্ডৰ নিহতসকলৰ সৈতে সংহতি প্ৰকাশ কৰিছে। মুছলমান সংগঠনটোৱে এই কাণ্ডক “কাপুৰুষালীবুলি অভিহিত কৰিছে। তেওঁলোকে কয় যে নাগৰিক সমাজত সন্ত্ৰাসবাদৰ কোনো স্থান নাই।

এই সন্দৰ্ভত জামাত-ই-ইছলামীৰ সভাপতি চৈয়দ সাদাতুল্লাহ হুছেইনীয়ে কয়, “আমি এই ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো। বিদেশী পৰ্যটককে ধৰি নিৰীহ লোকৰ প্ৰাণ হেৰুৱাই পেলোৱাটো দুখজনক। এনে বৰ্বৰ কাৰ্য্যৰ কোনো ন্যায্যতা থাকিব নোৱাৰে। ই সম্পূৰ্ণ অমানৱীয় আৰু গৰিহণাযোগ্য। এই অমানৱীয় কাণ্ডৰ লগত জড়িত দোষীসকলৰ শাস্তি হোৱা উচিত।”