NORTHEAST NOW (Assamese)

বোকাখাতৰ মহুৰাপথাত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২০২০ চনৰ অধিবেশন

September 9, 2018 6:29 am · উত্তম শইকীয়া
শনিবাৰে কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া বৰনামঘৰত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভা। ফটো : নৰ্থইষ্ট নাও

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ২০২০ চনত বোকাখাতত অনুষ্ঠিত হ’ব লগা ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন সন্দৰ্ভত এখন বিশেষ প্ৰতিনিধি সভা শনিবাৰে কমাৰগাঁৱৰ বৰদিহিঙ্গীয়া বৰনামঘৰত অনুষ্ঠিত হয় ৷

বোকাখাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইঙৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ প্ৰতিনিধি সভাখন প্ৰাক্তন শৰণ সদস্য নগেন্দ্ৰ নাথ বৰুৱাৰ প্ৰাৰ্থনাৰে আৰম্ভ হয় ৷ জিলা সম্পাদক চন্দ্ৰকান্ত ভূঞাই উদ্দেশ্য ব্যাখ্যা কৰা এই বিশেষ সভাত আদৰণি ভাষণ দিয়ে প্ৰস্তুতি সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাই ৷

ইয়াৰ পাছতে প্ৰস্তুতি সমিতিৰ সম্পাদক কুশল গগৈয়ে ২০১৫ বৰ্ষৰ পৰা ২০১৮ বৰ্ষৰ আগষ্ট মাহলৈকে প্ৰস্তুতি সমিতিয়ে সংগ্ৰহ কৰা পুঁজি সন্দৰ্ভত উপস্থিত প্ৰতিনিধিক বিশদ বিৱৰণ দাঙি ধৰে ৷

এই সভাত ২০২০ চনত সঙ্ঘৰ বাৰ্ষিক অধিবেশন বোকাখাত মহকুমাৰ কমাৰগাঁও মহুৰা পথাৰত কৰাৰ বাবে প্ৰতিনিধি সভাই সৰ্ব সন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ক্ষেত্ৰখনৰ নাম “বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ” হিচাপে নামাকৰণ কৰাৰ বাবে প্ৰতিনিধি সভাই সৰ্ব সন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে ৷

শনিবাৰৰ এই বিশেষ প্ৰতিনিধি সভাত ছয়খন আঞ্চলিক শাখাৰ সভাপতি-সম্পাদক, ৬৯ খন প্ৰাথমিক শাখাৰ সভাপতি-সম্পাদক আৰু তিনিশ প্ৰতিনিধি উপস্থিত থাকে।

Related News