NORTHEAST NOW (Assamese)
অসম

বিজেপিক উৎখাত কৰাৰ সংকল্পৰে সামৰণি বিধেয়ক বিৰোধী মঞ্চৰ ৰাজ্যিক অভিৱৰ্তন

Posted by: এন ই নাও নিউজ March 11, 2019 9:41 pm
11-03-19 Guwahati- Forum against Citizenship Amendment Bill meeting (2)

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ ৰাজ্যিক অভিৱৰ্তন সোমবাৰে মহানগৰীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হয়। ‘অসম বচাওঁক, ভাৰত বচাওঁক, বিজেপিক উৎখাত কৰক,’– চৰকাৰবিৰোধী এই শ্লোগানেৰে লক্ষীৰাম বৰুৱা সদনত মঞ্চৰ নেতাসকল সৰৱ হৈ পৰে।

অভিৱৰ্তনত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁই, শিল্পী লোকনাথ গোস্বামী আৰু জ্যেষ্ঠ অধিবক্তা হাফিজ ৰাছিদ চৌধুৰীৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বিৰোধী মঞ্চই আগন্তুক সাধাৰণ নিৰ্বাচনত বিজেপিক বৰ্জন কৰাৰ আহ্বান জনাই সকলো বিৰোধী দলকে বিজেপি বিৰোধী ভোট বিভাজন বন্ধ কৰাত গুৰুত্ব আৰোপ কৰে।

সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজহুৱা অভিৱৰ্তনত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোঁহাই, জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী আৰু শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ সঞ্চালনাত পাঁচটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সেইবোৰ হৈছে, বিজোপি বিৰোধী তথা নাগৰিকত্ব বিধেয়ক বিৰোধী ভোটৰ বিভাজন বন্ধ কৰা, বিৰোধী দলবোৰৰ নিজৰ মাজতে অৰিয়াঅৰি তথা অপ্ৰয়োজনীয় বক্তৱ্য বন্ধ কৰা, বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে অসম বচাওঁক, ভাৰত বচাওঁক নামেৰে এখন কমিটি গঠন কৰা, বিজেপিৰ বিৰুদ্ধে এক অভিযোগনামা প্ৰস্তুত কৰা আৰু বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ শক্তিশালী কৰা।

আজিৰ এই ৰাজহুৱা অভিৱৰ্তনখন উদ্বোধন কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোঁহাইয়ে।