NORTHEAST NOW (Assamese)
অসম

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ চিবিআই তদন্ত বিচাৰি প্ৰদেশ কংগ্ৰেছৰ ভাৰ্চুৱেল প্ৰতিবাদ

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও July 28, 2025 8:30 pm

নতুন প্ৰজন্মৰ অভিযন্তা জ্যোষিতা দাসৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্ত বিচাৰি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সামাজিক মাধ্যমত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন, প্ৰাক্তন সভাপতি ভূপেন বৰা, ৰিপুণ বৰা, প্ৰাক্তন সাংসদ আব্দুল খালেক, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিধায়ক দিগন্ত বৰ্মন, শিৱামণি বৰা, ৰেকিবুদ্দিন আহমেদ, আব্দুল বাতেন খণ্ডকাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈ, প্ৰদ্যুৎ ভূঞা প্ৰমুখ্যে জিলা কংগ্ৰেছৰ সভাপতিসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

জ্যোষিতাৰ পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তদন্তৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত আজি প্ৰকাশ কৰিছে।