NORTHEAST NOW (Assamese)

অসম আৰক্ষীৰ সকলো ছুটী বাতিল, আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল’লে এই সিদ্ধান্ত

October 16, 2025 7:33 am · এন ই নাও নিউজ, গুৱাহাটী

অসম আৰক্ষীৰ সকলো ছুটী বাতিল কৰা হৈছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে বাতিল কৰিলে সকলো ছুটী।

ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে সকলো ছুটী।

পূৰ্ব অনুমোদিত কেজুৱেল লিভ, ষ্টেচন লিভ বাতিল কৰা হৈছে।

স্বাস্থ্য সম্পৰ্কীয় জৰুকালীন সেৱাৰ বাদে সকলো ছুটী বাতিল কৰিছে আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে

শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ে জাৰি কৰিছে এই নিৰ্দেশনা।

Related News