NORTHEAST NOW (Assamese)
Popular Stories

সুন্দৰী মামীয়েকে অপহৰণ কৰিলে নাবালক ভাগিনক! পালেগৈ কেৰালা…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 19, 2025 7:37 pm
সুন্দৰী মামীয়েকে অপহৰণ কৰিলে নাবালক ভাগিনক! পালেগৈ কেৰালা…

প্ৰেম, এক গভীৰ সম্পৰ্ক আৰু শিহৰণকাৰী অপহৰণকাণ্ড। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ প্ৰেমৰ বাবে মামীয়েকে অপহৰণ কৰিলে নাবালক ভাগিনক।

জনৈক বৈশ্য নামৰ মামীয়েকে অপহৰণ কৰিলে নাবালক ভাগিনক। অভিযুক্ত মামীয়েকৰ ঘৰ মহানগৰীৰ কামাখ্যা গেটত, আনফালে নাবালক ভাগিনৰ ঘৰ মহানগৰীৰ ভিআইপি-ত।

সৰুৰে পৰা লগ পোৱা ভাগিনৰ প্ৰেমত মচগুল আছিল মামীয়েক। সুন্দৰী মামীয়েকে কোনোপধ্যে এৰি থাকিব নোৱাৰে ভাগিনক।

সেই অনুসৰি ১৭ বছৰীয়া ভাগিনক অপহৰণ কৰি কেৰালা লৈ গ’ল মামীয়েকে। ঘটনাটো প্ৰকাশ পোৱাৰ পাছতে পৰিয়াল দুটাৰ মাজত হুৱা-দুৱা লাগে।

উল্লেখ্য যে, অপহৰণৰ ঘটনা সংঘটিত হৈছিল ভেলেণ্টাইন ডেৰ দিনটোতে। দিছপুৰ থানাত ৰুজু হোৱা ১৩৭/২৫ নম্বৰত গোচৰত কেৰালাৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মামীয়েকক।