NORTHEAST NOW (Assamese)
দেশ

উৰিষ্যাৰ বিধান সভা নিৰ্বাচনত জয়ৰ দিশে ভাৰতীয় জনতা পাৰ্টি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 4, 2024 12:13 pm
উৰিষ্যাৰ বিধান সভা নিৰ্বাচনত জয়ৰ দিশে ভাৰতীয় জনতা পাৰ্টি

দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফলৰ লগতে আজি ঘোষণা কৰা হ’ব উৰিষ্যা বিধান সভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮.৩০ বজাৰ পৰা আৰম্ভ হৈছে উৰিষ্যা বিধান সভা নিৰ্বাচনৰ ভোট গণনা।

উৰিষ্যাৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা অনুসৰি দিনৰ ১২ বজালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে ৭৬ খন আসনত অগ্ৰগতি লাভ কৰিছে।

বিজু জনতা দল ৫৬ খন আসনত আগুৱাই আছে।

আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছ ১২ আসনত অগ্ৰগতি লাভ কৰিছে উৰিষ্যা বিধান সভা নিৰ্বাচনত।

ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)য়ে ১ আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় দুজন প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে।

মুঠৰ ওপৰত উৰিষ্যাত বিজেপি দলে পুনৰ শাসন কৰিবলৈ পাব বুলি আশা কৰিছে ৰাজনৈতিকন বিশ্লেষক সকলে।