NORTHEAST NOW (Assamese)
অসম

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী June 17, 2025 9:14 pm

জাতি মাটি ভেটিৰ শ্লগান দিয়া বিজেপি চৰকাৰে প্ৰতিটো মুহূৰ্ততে অসমৰ খিলঞ্জীয়া জনগনৰ ওপৰত উৎপীড়ন চলাইছে৷ মাথোঁ বহিৰাগত পুঁজিপতিক বৰপীৰা পাৰি দি ব্যক্তিগত কোষৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিছে এই চৰকাৰে৷

আম আদমি পাৰ্টী অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে প্ৰতিদিনেই কৰবাত নহয় কৰবাত অসমীয়া খিলঞ্জীয়া লোকৰ ঘৰ উচ্ছেদ কৰাৰ ঘটনাৰ বাতৰি প্ৰকাশিত হৈয়েই আছে৷ হাজাৰ হাজাৰ বিঘা পৰিত্যক্ত চৰকাৰী ভূমি থকাৰ পিছতো সৰ্বসাধাৰণৰ ওপৰত বুলডজাৰ চলিছে৷ টকা, মাটি আৰু ভোটৰ অংকতে ব্যস্ত হিমন্তৰ চৰকাৰে অসম খনিক ধ্বংসৰ মুখলৈ আগবঢ়াই দিছে৷

মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আপ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে সৰুসজাইৰ প্ৰায় ৬৩ টা কৈ পৰিয়ালৰ ভূমি বিজেপিৰ চৰকাৰ অধিগ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে অসমীয়া লোকৰ ঘৰ ভাঙি বহিৰাগত বণিয়াৰ সৈতে মিতিৰালি কৰা চৰকাৰে এই পাপৰ ফল নিশ্চয় ভোগ কৰিব৷ আম আদমি পাৰ্টী অসমে ইতিমধ্যেই খিলঞ্জীয়াৰ ওপৰত বুলডজাৰৰ বিৰোধিতা সক্ৰিয়তাৰে কৰি আহিছে৷ এই বিপদৰ সময়ত সৰুসজাইবাসীৰ সৈতে থিয়দিব আপ অসমে৷