NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বৰ কেৱল এখন বিশেষ ঠাইতহে ফুলে ক’লা গোলাপ,ক’ত আছে সেই ঠাইখন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 4:43 pm
black-ro

ফুলৰ ৰাণী গোলাপ। প্ৰাকৃতিক ভাৱে ৰঙা,গুলপীয়া,বগা আদি ৰঙত গোলাপ পোৱা যায় যদিও আজিকালি জিনীয় পৰিৱৰ্তন ঘটাই সৃষ্টি কৰা হৈছে হালধীয়া,নীলা আদি বিভিন্ন ৰঙৰ গোলাপ।

এনে বহু ৰঙৰ গোলাপেৰে বজাৰ ভৰি পৰা আমি দেখিবলৈ পাইছো যদিও ক’লা গোলাপ হয়তো খুব কম লোকেহে দেখিবলৈ পাইছে।

পৃথিৱীত ক’লা গোলাপ ফুলে মাথো এখন বিশেষ ঠাইতহে।

সেই ঠাই খনক বাদ দি বিশ্বৰ কতোৱেই প্ৰাকৃতিক ভাৱে ক’লা গোলাপ ফুলা নাই। ক’লা গোলাপৰ বাবে বিখ্যাত সেই ঠাই খন আছে তুৰস্কত।

তুৰস্কৰ প্ৰাচীন প্ৰদেশ উৰফাৰ নিচেই কাষতে অৱস্থিত হালফেটি নামৰ অঞ্চলটোতে প্ৰাকৃতিক ভাৱে ক’লা গোলাপ ফুলি আহিছে।

তুৰস্কৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত ছানহুৰফা প্ৰদেশৰ সৰু অঞ্চল হালফেটিত কি কাৰণত ক’লা গোলাপ ফুলে তাৰ বাখ্যা আজিলৈকে কোনেও ভালদৰে দিব পৰা নাই।

হালফেটিৰ মাটিৰ বিশেষ গুণৰ বাবেই তাত ক’লা গোলাপ ফুলে বুলি বহুতে কব বিচাৰে।

ইউফ্ৰেটিছ নদীৰ পূব পাৰত অৱস্থিত হালফেটিত বাস কৰে প্ৰায় ২,৫০০ গৰাকী লোকে।

তেওঁলোকৰ বহুতৰে উপাৰ্জনৰ মাধ্যম ক’লা গোলাপ।

হালফেটিৰ ক’লা গোলাপ বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি হৈ আহিছে। ছেপ্তেম্বৰ মাহৰ পৰাই অঞ্চলটোত ক’লা গোলাপ ফুলিবলৈ আৰম্ভ কৰে।