NORTHEAST NOW (Assamese)

গুৱাহাটীত উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ

April 20, 2023 12:34 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীৰ হাতীগাঁও অঞ্চলত বৃহস্পতিবাৰে পুৱা এটা নলাত উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ।

কিন্তু লোকজনক হত্যা কৰা হৈছে নে প্ৰাকৃতিক কাৰণত মৃত্যু হৈছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।

আজি পুৱা হাতীগাঁও অঞ্চলৰ ৩ নং বাই লেন গোল্ডেন পাথৰ নলাৰ পৰা উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে মহানগৰ আৰক্ষীয়ে।

ইয়াৰ উপৰি বুধবাৰেও গুৱাহাটী নদী আৰক্ষীয়ে জালুকবাৰীত ব্ৰহ্মপুত্ৰ নদীৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰে।

ব্ৰহ্মপুত্ৰত উদ্ধাৰ হোৱা মৃতদেহ দুটা ক্ৰমে ডিব্ৰুগড়ৰ আকাশ দাস আৰু কামৰূপৰ জয়মতী মহন্ত বুলি চিনাক্ত কৰা হৈছে।

চলিত বৰ্ষৰ ১৪ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল আকাশ দাস।

গুৱাহাটী নদী আৰক্ষীয়ে দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গৌহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

Related News