NORTHEAST NOW (Assamese)

এয়াৰ পিউৰিফায়াৰত জি এছ টি হ্ৰাসৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ বিৰোধিতা কেন্দ্ৰৰ

December 27, 2025 4:50 pm · এন ই নাও নিউজ, গুৱাহাটী

স্মাৰ্টফোন আৰু ইণ্টাৰনেটৰ যুগত দেশৰ বৰ্ধিত প্ৰদূষণক লৈ সজাগতা বৃদ্ধি পালেও এয়াৰ পিউৰিফায়াৰৰ দৰে সামগ্ৰী এতিয়াও সাধাৰণ জনতাৰ বাবে ব্যয়বহুল হৈয়ে আছে। শেহতীয়াকৈ দিল্লী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভয়াৱহ বায়ু প্ৰদূষণৰ পৰিপ্ৰেক্ষিতত এয়াৰ পিউৰিফায়াৰৰ ওপৰত থকা জি এছ টি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ বাবে এখন ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল। কিন্তু এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে আদালতৰ হস্তক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে আদালতক জনায় যে কৰৰ হাৰ নিৰ্ধাৰণ কৰাটো এক আইনী আৰু নীতিগত প্ৰক্ৰিয়া যিটো জি এছ টি কাউন্সিলৰ অধীনত থাকে।

এয়াৰ পিউৰিফায়াৰৰ ওপৰত জি এছ টি হ্ৰাসৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ত হোৱা শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এন ভেংকটাৰমনে যুক্তি দৰ্শায় যে আদালতে এই ক্ষেত্ৰত কোনো নিৰ্দেশনা দিয়াটো সংবিধানৰ ক্ষমতা পৃথকীকৰণ নীতিৰ উলংঘন হ’ব। তেওঁ স্পষ্টকৈ কয় যে চৰকাৰে এই আবেদনৰ উদ্দেশ্যক লৈ চিন্তিত আৰু কেৱল এখন আবেদনৰ ভিত্তিত জি এছ টি কাউন্সিলক নিৰ্দেশ দিয়াটো সম্ভৱ নহয়। চৰকাৰৰ মতে এনেধৰণৰ বিষয়সমূহৰ বাবে ইতিমধ্যে এক নিৰ্দিষ্ট ব্যৱস্থা আছে আৰু সংসদীয় স্থায়ী সমিতিৰ পৰামৰ্শসমূহৰ লগতে জি এছ টি কাউন্সিলৰ বৈঠকত এইসমূহ আলোচনা কৰা হয়।

ইফালে দিল্লী উচ্চ ন্যায়ালয়ে বৰ্ধিত প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি জি এছ টি কাউন্সিলৰ এখন জৰুৰী ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰিব পাৰি নেকি বুলি কেন্দ্ৰক প্ৰশ্ন কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে জনায় যে দেশৰ সকলো ৰাজ্যৰ বিত্তমন্ত্ৰীৰ উপস্থিতিত এনে বৈঠক অনুষ্ঠিত কৰাটো সহজ নহয় কাৰণ প্ৰতিখন ৰাজ্যৰ দৃষ্টিভংগী আৰু সমস্যা বেলেগ বেলেগ। চৰকাৰৰ মতে এয়াৰ পিউৰিফায়াৰৰ কৰ হ্ৰাস কৰাৰ বাবে কোনো নিৰ্দিষ্ট তাৰিখ এই মুহূৰ্তত দিব পৰা নাযাব।

ন্যায়াধীশ বিকাশ মহাজন আৰু বিনোদ কুমাৰৰ বিচাৰপীঠে শুনানিৰ সময়ত উদ্বেগ প্ৰকাশ কৰি কয় যে এয়াৰ পিউৰিফায়াৰৰ মূল্য ১০ হাজাৰৰ পৰা ৬০ হাজাৰ টকালৈকে হোৱাৰ বাবে ই সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰত হৈ পৰিছে। দিল্লীৰ বিষাক্ত বতাহৰ পৰা ৰক্ষা পাবলৈ ই এক প্ৰয়োজনীয় সামগ্ৰী যদিও উচ্চ কৰৰ বাবে বহুতে ইয়াক কিনিব পৰা নাই। আদালতে কেন্দ্ৰীয় চৰকাৰৰ যুক্তিৰ পিছত তেওঁলোকক দহ দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। এই স্পৰ্শকাতৰ গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব।

Related News