NORTHEAST NOW (Assamese)
অসম

স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিবৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পৰিল জলাশয়ত, আহত ২

Posted by: পঙ্কজকুমাৰ দেৱ Updated by: পঙ্কজকুমাৰ দেৱ May 6, 2020 9:05 am
index

মঙ্গলবাৰে ল’ক ডাউনৰ মাজতে হাফলং চহৰত মাজমিজয়াত দুৰ্ঘটনাত পতিত হয় ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিবৰ বাহন।

পৰিষদৰ প্ৰধান সচিব অমিতাভ ৰাজখোৱাৰ বগা ৰঙৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পৰিল গৈ এটা জলাশয়ত। লগে লগে আহি উপস্থিত হয় আৰক্ষীৰ লোক।

অবশ্যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাহনখনত নাছিল প্ৰধান সচিব অমিতাভ ৰাজখোৱা।

প্ৰধান সচিবজনৰ চালকজন লগতে আৰু আন এগৰাকী ব্যক্তি আছিল বাহনখনত।

যানবাহন আৰক্ষী বিষয়া এম বসুমতাৰীয়ে কয় যে মদ্যপান কৰি চালকজনে তীব্ৰ বেগত চলাই আহি নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত চালকসহ আৰোহীগৰাকী আহত হৈছে। তেওঁলোকক দুয়োকে হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জলাশয়ত পতিত মহিন্দ্ৰা এক্সয়ুভি ৫০০ মডেলৰ নতুন বাহনখনৰ বিস্তৰ ক্ষতি সাধন হয়।