NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদ কৰিবলৈ অহা ৰিপুন বৰাক চোঁচৰাই নিলে মহানগৰী আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2022 1:27 pm
প্ৰতিবাদ কৰিবলৈ অহা ৰিপুন বৰাক চোঁচৰাই নিলে মহানগৰী আৰক্ষীয়ে

বুধবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কেইজনমান দলীয় সতীৰ্থৰ লগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল মহানগৰীৰ ৰাজপথলৈ।

মূল্যবৃদ্ধিৰে অভিলেখ সৃষ্টিকাৰী বিজেপি নেতৃতাধীন চৰকাৰখনৰ বিৰুদ্ধে ৰাজপথত ধৰ্ণা দিয়াৰ লগতে বজাৰে বজাৰে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছিল প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী তথা বৰ্তমানৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

কিন্তু প্ৰতিবাদ আাৰম্ভ কৰোঁতেই পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীয়ে ছত্ৰভংগ দিয়ালে প্ৰতিবাদকাৰী দলটোক। টনা-আজোৰাৰ মাজতেই ৰাজপথত বাগৰি পৰিল ৰিপুন বৰা। প্ৰতিবাদস্থলীৰ পৰা সতীৰ্থসহ আৰক্ষীয়ে চোঁচোৰাই লৈ যায় ৰিপুন বৰাক।