NORTHEAST NOW (Assamese)
Popular Stories

‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ August 1, 2022 8:13 am

‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে। আমি যুঁজি যাম।’ এই ক্ষোভ শিৱসাগৰৰ পৌৰসভাৰ চফাই কৰ্মচাৰীৰ।

পৌৰনেত্ৰীয়ে ‘তোমালোকে কাম কৰিলে কৰা, নহ’লে বেলেগ মানুহ আনিম, পুলিচ লগাম’ বুলি দিয়া ধমকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদী চফাই কৰ্মীৰ মন্তব্য যে  ‘এয়া আমাৰ ওপৰত অত্যাচাৰ’।

দৰমহা বৃদ্ধি আৰু মৃত কৰ্মচাৰীৰৰ পৰিয়ালক চাকৰি দিয়াৰ দাবীত দেওবাৰৰে পৰা কৰ্ম বিৰতি পালন কৰিছে শিৱসাগৰ পৌৰসভাৰ চফাই কৰ্মচাৰীয়ে।

ফটো: নৰ্থইষ্ট নাও।

তেওঁলোকৰ দাবী, ‘ ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি সহায় কৰিছিলো, এতিয়া তেওঁ আমাৰ পৰিয়ালক সহায় কৰক। জাবৰৰ কাম কৰাৰ বাবে আমাক জাবৰ বুলি নাভাবিব।‘

উল্লেখ্য যে ৰাজ্যত এতিয়া সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি ঘটিছে। কিন্তু এই সকল কৰ্মচাৰীৰ বৃদ্ধি পোৱা নাই দৰমহা। নিম্নতম মজুৰিৰে দীৰ্ঘ দিনে কাম কৰি আহিছে পৌৰ সভাৰ এই সকল চফাই কৰ্মচাৰীয়ে। যাৰ বাবে এতিয়া পৰিয়াল পোহপাল দিয়াত অসুবিধাত পৰিছে তেওঁলোক।

ফটো: নৰ্থইষ্ট নাও।

বহু দিনৰে পৰা এই সকল চফাই কৰ্মচাৰীয়ে তেওঁলোকৰ মজুৰি বৃদ্ধিৰ দাবীত আন্দোলন কৰি আহিছে যদিও আজি পৰ্যন্ত তেওঁলোকৰ এই সমস্যা সমাধানত গুৰুত্ব দিয়া নাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে।

সেয়ে দেওবাৰৰ পৰা কৰ্মবিৰতি পালন কৰিছে শিৱসাগৰ পৌৰসভাৰ এইসকল চফাই কৰ্মচাৰীয়ে।