NORTHEAST NOW (Assamese)
অসম

গাদী ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মিঞা, অচিনাকি বুলি কৈ থকা এআইইউডিএফক লগত ল’বলৈকো কুণ্ঠাবোধ নকৰিলেঃ গৌৰৱ গগৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2026 9:30 pm

লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি এআইইউডিএফ সাম্প্ৰদায়িক দল আখ্যা দি গালি-গালাজ কৰি অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হঠাতে সেইটো দলৰে সহায় লবলৈ বাধ্য হোৱাটোৱে বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি স্পষ্ট কৰি তুলিছে। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে এনডিএ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৰ মনোনয়নত এআইইউডিএফৰ ৩জন বিধায়ক ক্ৰমাৎ কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী, জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।

গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে বছৰ বছৰ ধৰি অসমৰ ৰাইজক এআইইউডিএফক ভয় কৰিবলৈ আহ্বান জনাই আহিছে। ৰাজহুৱা সভা-সমিতিত সংখ্যালঘু সমাজক লক্ষ্য কৰি “মিঞা আৰু “অচিনাকি আদি শব্দ ব্যৱহাৰ কৰি বিদ্বেষমূলক ৰাজনৈতিক ভাষণ আগবঢ়াই আহিছে। উচ্ছেদ অভিযান আৰু বুলডজাৰ ৰাজনীতিকো তেওঁ সমৰ্থন কৰি সমাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছিল। কিন্তু আজি যেতিয়া ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিজেপিৰ সংখ্যা কম হল, তেতিয়াই সেই একেই এআইইউডিএফ হঠাতে আপোন হৈ পৰিল বুলিও তেওঁ কটাক্ষ কৰে।

গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি এআইইউডিএফ সঁচাকৈয়ে অসমৰ বাবে ভাবুকি হয়, তেন্তে এনডিএৰ প্ৰাৰ্থী প্ৰমোদ বড়োক জয়ী কৰিবলৈ তেওঁলোকৰ সহায় কিয় লবলগীয়া হল? যদি এআইইউডিএফ ভাবুকি নহয়, তেন্তে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণবোৰ কেৱল ভয় সৃষ্টিৰ ৰাজনীতি নাছিলনে বুলিও গগৈয়ে প্ৰশ্ন কৰে।

গগৈয়ে আৰু কয়, ”মুখ্যমন্ত্ৰীয়ে সদায় আদৰ্শ আৰু মতাদৰ্শৰ কথা কয়, কিন্তু ক্ষমতাৰ প্ৰতি ভাবুকি আহি পৰিলেই সেই আদৰ্শ নোহোৱা হৈ যায়।’’ তেওঁ লগতে কয় যে অসমৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ বাবে আজি নিজৰ গাদী ৰক্ষা কৰাটোৱেই যেন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

আনহাতে, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে এআইইউডিএফ দল যে বিজেপিৰ ‘বি টীম সেয়া আজি স্পষ্টকৈ প্ৰমাণিত হল। শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ইউপিপিএলৰ মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবৰ বাবে এআইইউডিএফ দলৰ বিধায়কৰ সহায় লবলগীয়া হৈছে। বাহিৰত দেখুৱাই দুয়োটা দলে ইটোৰ-সিটোৰ মাজত আদৰ্শগত মিল নাই বুলি কয় যদিও প্ৰকৃততে ক্ষমতাৰ বাবে এওঁলোকে সকলো কামেই কৰিব পাৰে। শইকীয়াই কয় যে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত বৰ্তি থাকিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে একেই সাম্প্ৰদায়িক দল এআইইউডিএফৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছে। বাহিৰত দেখুৱাই দুয়োটা দলৰ নেতাসকলে ইটোৱে আনটোক গালি-গালাজ কৰাতো ৰাইজক বিভ্ৰান্ত কৰাৰ এক ৰাজনৈতিক কৌশলহে মাত্ৰ। ভাৰতীয় জনতা পাৰ্টীয়ে এআইইউডিএফৰ অক্সিজেন নোহোৱাকৈ চলিব নোৱাৰে বুলিও শইকীয়াই মন্তব্য কৰে।