NORTHEAST NOW (Assamese)
অসম

নিৰ্জীৱ চিত্ৰলৈকো মুখ্যমন্ত্ৰীৰ ভয়! শিল্পীৰ প্ৰতি সদ্ভাৱ নথকা চৰকাৰক আমি ধিক্কাৰ জনাইছো : ভূপেন বৰা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 11, 2024 10:30 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে নিৰ্জীৱ চিত্ৰলৈয়ো ভয় খায়, সেই কথা জানি আমি আচম্বিত হৈ পৰিছো। পৰিৱেশ সুৰক্ষাৰ শ্ল’গান দিয়া চৰকাৰে গছ কটাৰ বিৰোধিতা কৰা চিত্ৰশিল্পীক গ্ৰেপ্তাৰ কৰা, তাকো জামিনবিহীন গোচৰ ৰুজু কৰা কাৰ্যৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ গৰিহণা দিছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই এক বিবৃতিত আজি কয় যে প্ৰদূষণমুক্ত কৰি অসমক সুৰক্ষিত কৰাৰ শ্ল’গান দিয়া বিজেপি চৰকাৰে গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা চিত্ৰশিল্পীক গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ প্ৰতি এক চূড়ান্ত ভেঙুচালি। দেশৰ সংবিধানে সকলোকে বাক স্বাধীনতা দিছে আৰু চিত্ৰ শিল্পীসকলক নিজৰ তুলিকাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰাৰ সুবিধা দিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈয়ে ৰাইজক সজাগ কৰিবৰ বাবে গছ কটাৰ বিৰুদ্ধে দেৱালত ছবি অংকন কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত সেইটোৱেই হৈ পৰিল ডাঙৰ অপৰাধ। হিটলাৰী শাসন ব্যৱস্থাৰ চূড়ান্ত ৰূপ প্ৰকট কৰি এই দুজন শিল্পীক আজি যিদৰে চৰকাৰে লঘু-লাঞ্চনা কৰিছে সেয়া নজিৰবিহীন। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা দুয়োজন শিল্পীকে আমি মুকলি কৰি দিয়াৰ আহ্বান জনাইছো আৰু চৰকাৰী নিৰ্যাতনক তীব্ৰ গৰিহণা দিছো। ইয়াৰ পূৰ্বেও কবিতা লিখাৰ বাবেই এগৰাকী প্ৰতিভাৱান ছাত্ৰীক এইখন চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল। শিল্পী-সাহিত্যিকৰ প্ৰতি সদ্ভাৱ নথকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ দিছো।” বৰাই লগতে কয়।