NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ ৰাজ্যৰ বিশিষ্ট নাগৰিকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2026 9:40 pm

অসমৰ সাম্প্ৰতিক সামাজিক পৰিস্থিতিক লৈ ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী আৰু চিন্তাবিদ চিন্তিত হৈ পৰিছে। বিশেষকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অলপতে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি আগবঢ়োৱা কিছুমান ৰাজহুৱা মন্তব্যক লৈ এইসকল সচেতন নাগৰিকে নিজৰ আপত্তি দৰ্শাইছে। এই সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন বিশেষ মুকলি পত্ৰ প্ৰেৰণ কৰা হৈছে য’ত মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ বিৰুদ্ধে ন্যায়ালয়ক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এই পত্ৰখনত ৪০ জনতকৈও অধিক প্ৰখ্যাত লেখক, বুদ্ধিজীবী, শিক্ষাবিদ আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিয়ে স্বাক্ষৰ কৰিছে। তেওঁলোকৰ মতে এনে ধৰণৰ মন্তব্যই সমাজত বিভাজনৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে আৰু সেইবাবেই ন্যায়ালয়ৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰিছে। অসম নাগৰিক সন্মিলনৰ হৈ আজি ৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ বজাত ড০ ইন্দ্ৰানী দত্ত (প্ৰাক্তন অধ্যক্ষ, অমিয় কুমাৰ দাস ইনষ্টিটিউট অৱ চচিয়েল চেঞ্জ এণ্ড ডেভেলপমেন্ট), পৰেশ মালাকাৰ( মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও),  ৰবীন দত্ত (প্ৰাক্তন অধ্যক্ষ, ফৰেনচিক চায়েন্স লেবটৰী) আৰু দীপক গোস্বামী (প্ৰাক্তন উপ সঞ্চালক, নেশ্যনেল ইনফৰ্মেটিক্স চেন্টাৰ) উচ্চ ন্যায়ালয়ৰ চৌহদত উপস্থিত হৈ এই পত্ৰখন আনুষ্ঠানিকভাৱে দাখিল কৰে।

পত্ৰখন দাখিল কৰাৰ পাছত প্ৰতিনিধি দলটোৱে সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁলোকৰ স্থিতি স্পষ্ট কৰে। তেওঁলোকে জনাইছে যে গণতন্ত্ৰ আৰু সামাজিক সম্প্ৰীতি ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰে দায়িত্ব আৰু সেই লক্ষ্যৰেই তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।