NORTHEAST NOW (Assamese)
অসম

কৰ’না ভাইৰাছত আক্ৰান্ত হাইলাকান্দিৰ ৰোগীজনৰ অৱস্থা সংকটজনক: স্বাস্থ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2020 3:48 pm
Coronavirus-750x375

অসমত ২৮ নম্বৰ COVID-19 পজিটিভ ৰোগীজনৰ শেহতীয়া অৱস্থা সংকটজনক বুলি জানিব দিছে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি বিয়লি ৩বজাত টুইটাৰ যোগে জানিবলৈ দিছে যে হাইলাকান্দিৰ অসমৰ ২৮ নম্বৰ COVID-19 ৰোগীজনৰ অৱস্থা উদ্বেগজনক। যদিও তেওঁৰ বাকী শৰীৰৰ অৱস্থা সুস্থিৰ হৈ আছে, অক্সিজেন গ্ৰহণ কৰাৰ মাত্ৰা হ্ৰাস পাইছে। তেওঁক উন্নত নিৰীক্ষণৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পাতলৰ আই চি য়ুত ভৰ্তি কৰোৱা হৈছে।

উল্লেখযোগ্য যে অসমত মঙলবাৰে হাইলাকান্দিৰ এই COVID-19পজিটিভ ব্যক্তিজনক চিনাক্ত কৰা হৈছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টউইটাৰযোগে এই কথা সদৰী কৰিছিল।

হাইলাকান্দিৰ উক্ত লোকজনে শেহতীয়াকৈ ছৌদি আৰৱ ভ্ৰমণ কৰি আহিছিল।

এইজন ব্যক্তিকে ধৰি অসমত COVID-19 আক্ৰান্তৰ সংখ্যা মুঠ ২৮জনলৈ বৃদ্ধি পায়।

ইয়াৰ পূৰ্বে অসমত চিনাক্ত হোৱা ২৭গৰাকী COVID-19আক্ৰান্তৰ ২৬ গৰাকীৰেই দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ সৈতে সম্পৰ্ক আছিল।