NORTHEAST NOW (Assamese)
Popular Stories

ৰাহুল গান্ধীক ‘অপৰিপক্ক’ বুলি অভিহিত কৰাৰ বাবে দিগ্বিজয় সিঙৰ ভাতৃক নিলম্বন কংগ্ৰেছৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 11, 2025 8:06 pm

গান্ধী পৰিয়াল সৰ্বোচ্চ। কোনো ধৰণৰ মতানৈক্য সহ্য কৰা নহয়। এই কংগ্ৰেছে পুনৰ স্পষ্ট কৰি দিলে। ৰাহুল গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাক অপৰিপক্ক বুলি কোৱাৰ শাস্তি হিচাপে দলৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিঙৰ ভাতৃ লক্ষ্মণ সিঙক নিলম্বন কৰিছে কংগ্ৰেছ শিবিৰে। লক্ষ্মণে ৬ বছৰৰ বাবে কংগ্ৰেছৰ প্ৰাথমিক সদস্যপদ হেৰুৱালে।

বুধবাৰে কংগ্ৰেছে এক বিবৃতি প্ৰকাশ কৰি লক্ষ্মণ সিঙক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ছবছৰৰ বাবে নিলম্বন কৰা হৈছে। কংগ্ৰেছৰ অনুশাসন সমিতিৰ সদস্য তাৰিক আনোৱাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দল বিৰোধী কাম-কাজত জড়িত হোৱাৰ বাবে মধ্যপ্ৰদেশৰ প্ৰাক্তন বিধায়ক লক্ষ্মণ সিঙক দলৰ প্ৰাথমিক সদস্যপদৰ পৰা ছবছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে।

দলবিৰোধী কাৰ্যকলাপ কি কংগ্ৰেছে সেই কথা স্পষ্টকৈ কোৱা নাছিল। কিন্তু দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালৰ জোঁৱাই ৰবাৰ্ট ভাদ্ৰাক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবেই এই শাস্তি লাভ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। এমাহ পূৰ্বে তেওঁ কৈছিল, “ৰাহুল গান্ধী আৰু ৰবাৰ্ট ভাদ্ৰাৰ অবিকশিত মানসিকতাৰ বোজা দলে বহন কৰিবলগীয়া হৈছে। আৰু কিমান দিন বহন কৰিব লাগিব নাজানো।” সেই মন্তব্যৰ বাবেও তেওঁক ধমক দিয়া হৈছিল। সেই অভিযোগৰ সঁহাৰিত সন্তুষ্ট হব নোৱাৰি দলে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত লয়।

লক্ষ্মণ সিং কেইবাবছৰ ধৰি কংগ্ৰেছৰ বিধায়ক আছিল। তেওঁ এবাৰ দিগ্বিজয় সিঙৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজিছিল। অৱশ্যে শেহতীয়াকৈ তেওঁ দলৰ মূলসুঁতিৰ পৰা বহু দূৰৈত আছে। সেইবাবেই চাগে দিগ্বিজয় সিঙৰ ভাতৃয়ে গান্ধী পৰিয়ালক লক্ষ্য কৰি লৈছিল।