NORTHEAST NOW (Assamese)

পৰকীয়া প্ৰেমৰ পৰিণতি! বিবাহিত প্ৰেমিকৰ পত্নীৰ মাৰৰ পৰা বাচিবলৈ ১১ মহলাৰ খিৰিকীত ওলমিল প্ৰেমিকা

December 12, 2025 6:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 12, 2025 4:33 pm

প্ৰেমৰ বাবে প্ৰাণৰ বাজী! বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কথা ফাদিল হোৱাৰ ভয়ত এগৰাকী তৰুণীয়ে নিজৰ জীৱনৰ সৈতে খেলা কৰিব লগা হ’ল। প্ৰেমিকৰ পত্নীয়ে যাতে গম নাপায়, তাৰ বাবে তেওঁ কেইমিনিটমানৰ বাবে এটা ১১ মহলীয়া অট্টালিকাৰ পৰা ওলমি থাকিল! এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ঘটনাটো চীনৰ গুয়াংডং প্ৰদেশত সংঘটিত হৈছে। তাত এটা বহুমহলীয়া অট্টালিকাৰ ১১ মহলাৰ খিৰিকীত এগৰাকী তৰুণীক ওলমি থকা দেখা গৈছিল।

জানিব পৰা মতে, তেওঁ প্ৰেমিকৰ সৈতে এটা খালী ফ্লেটত শাৰীৰিক সম্পৰ্কত লিপ্ত আছিল। হঠাৎ প্ৰেমিকৰ পত্নী কোঠাটোত সোমাই আহে। তাৰ পাছতে তৰুণীগৰাকীয়ে লৰালৰিকৈ পলাবলৈ চেষ্টা কৰে। পলাবলৈ বাট বিচাৰি নাপায় উপায়হীন হৈ তেওঁ কেইমিনিটমানৰ বাবে ১১ মহলাৰ খিৰিকীতে ওলমি থাকে।

ভিডিঅ’টোত দেখা গৈছে যে এজন পুৰুষে খিৰিকীৰে মূৰ উলিয়াই তৰুণীগৰাকীৰ সৈতে কথা পাতিছিল। মানুহজনৰ গাত কোনো পোছাক নাছিল। কেইছেকেণ্ডমান কথা পতাৰ পিছত তেওঁ আঁতৰি গৈছিল। কিন্তু তৰুণীগৰাকী ১১ মহলাৰ কোঠাটোৰ খিৰিকীৰ পৰা ওলমি থাকিল। আচৰিত কথাটো হ’ল, সেই পুৰুষজনে তেওঁক বচাবলৈও আগবাঢ়ি নাহিল।

কিছু সময়ৰ পিছত তৰুণীগৰাকীয়ে লাহে লাহে কাষৰ ফ্লেটৰ বেলকনিৰে নামি যায়। তেওঁ এটা সৰু পাইপ বগাই তললৈ নামে। তলৰ ফ্লেটৰ এজন ব্যক্তিয়ে তেওঁক সেই স্থানৰ পৰা উদ্ধাৰ কৰে। ফলত কোনোমতে তৰুণীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত হাঁহিৰ জোৱাৰ উঠিছে। নেটিজেন সকলে দাবী কৰিছে যে বিবাহ বহিৰ্ভূত সম্পৰ্কত প্ৰেম থাকিলেও কোনেও দায়িত্ব ল’ব নিবিচাৰে। তৰুণীগৰাকীয়ে যিদৰে নিজৰ জীৱন বিপদলৈ ঠেলি দিব লগা হৈছে, সেয়া অত্যন্ত ভয়ংকৰ। এই ঘটনা ভাইৰেল হোৱাৰ পাছত নেটিজেন সকলে পুৰুষগৰাকীক তীব্ৰ সমালোচনা কৰিছে।

Related News