NORTHEAST NOW (Assamese)
Popular Stories

বিজ্ঞানীৰ নতুন তথ্য লাভ; কিমান সময় জীয়াই থাকে ক’ৰ’না ভাইৰাছ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 6:34 pm
What are the four stages of COVID19?

সমগ্ৰ বিশ্বতে মাহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সম্পৰ্কে বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে নিৰন্তৰ অধ্যয়ন চলাই আছে।

নিৰন্তৰ অধ্যয়নে ক’ৰ’না ভাইৰাছ সম্পৰ্কত দৈনিক নতুন নতুন তথ্য পোহৰলৈ আনিবলৈ বিজ্ঞানী মহলে চেষ্টা কৰি থাকিলেও অৱেশ্যে এতিয়ালৈকে মাৰাত্মক ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰ কৰিবলৈ সক্ষম হোৱা নাই।

আমেৰিকাৰ নেশ্যনেল ইনিষ্টিটিউট অৱ হেল্থৰ অংশ অষ্ট্ৰেলিয়াস্থিত নেশ্যনেল ইনষ্টিটিউট অৱ এলাৰ্জি এণ্ড ইনফেকটিৱাছ ডিজিছেছ (NIAID)ৰ একাংশ বিজ্ঞানীয়ে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ ওপৰত অধ্যয়ন কৰি কিছুমান নতুন তথ্য লাভ কৰা বুলি দাবী কৰিছে।

তেওঁলোকে দাবী কৰিছে যে এই ভাইৰাছত আক্ৰান্ত ব্যক্তিয়ে কাঁহ বা হাঁচিওৱাৰ ফলত নিৰ্গত ক’ৰ’নাৰ বীজাণুৱে বায়ুমণ্ডলত প্ৰায় তিনি ঘণ্টা পৰ্যন্ত জীৱিত হৈ থাকিব পাৰে।

গৱেষকসকলে প্লাষ্টিক আৰু ষ্টেইনলেছ ষ্টীলত এই ভাইৰাছক তিনি দিন ধৰি পৰীক্ষা কৰিছিল। ইফালে কাৰ্ডব’ৰ্ডত চাৰি ঘণ্টাতকৈ অধিক সময় বাচি থকা নাছিল বুলিও জনাইছে।

ইফালে জুলীয়া পদাৰ্থত এই ভাইৰাছ বিধে ৬৬ মিনিট পৰ্যন্ত কাৰ্যক্ষম হৈ থাকে।

ষ্টেইনলেছ ষ্টীলত ৫ ঘণ্টা ৩৮ মিনিটৰ পিছত ভাইৰাছৰ বীজাণুবোৰ নিষ্কৰ্মা হোৱাৰ বিপৰীতে প্লাষ্টিকত ৬ ঘণ্টা ৪৯ মিনিটৰ পিছতহে নিষ্কৰ্মা হোৱা বুলি গেৱষকসলে দাবী কৰিছে।

তাম্ৰ পাত্ৰতো চাৰি ঘণ্টা জোৰা পৰীক্ষাৰ অন্তত ভাইৰাছবিধ ৪৬ মিনিটত নিষ্কৰ্মা হৈ পৰিছিল বুলি দাবী কৰিছে।

গৱেষকসকলৰ মতে তাম্ৰ পাত্ৰত ক’ৰ’না ভাইৰাছৰ জীৱন কাল আটাইতকৈ হ্ৰস্ব।