NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ প্ৰতিজন লোককে বিনামূল্যে ‘কোভিড ভেকচিন’ দিয়াৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 19, 2020 5:25 pm
Nagaland-COVID19-1-1140x570

সমগ্ৰ বিশ্বতে কোভিড ভেকচিনকলৈ চলিছে আছে উৎকণ্ঠা।

ইতিমধ্যে ৰাছিয়াই ঘোষণা কৰিছে কোভিড ভেকচিন আৱিষ্কাৰ কৰাৰ কথা। ইফালে ভাৰতত ঘোষণা কৰা হৈছে চেৰামে প্ৰস্তুত কৰা অক্সফোৰ্ডৰ কোভিড ভেকচিনটোৰ তৃতীয় পৰ্যায় ট্ৰায়েল কৰাৰ কথা।

অক্সফোৰ্ডৰ ভেকচিনটো তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সফল হ’লেই ই কোভিড ভেকচিন ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি লাভ কৰিব।

তেনে সময়তে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ঘোষণা কৰিছে যে ক’ৰ’ণা ভেকচিন বজাৰত ওলালেই দেশবাসীক এই ভেকচিন চৰকাৰে বিনামূলীয়াকৈ বিতৰণ কৰিব।

ইফালে দেশখনৰ চৰকাৰে বাণিজ্যিকভাৱে এই কোভিড ভেকচিন প্ৰস্তুত কৰিবলৈ কিছু সংস্থাৰ সৈতে চুক্তিও সম্পন্ন কৰিছে।

চলিত সপ্তাহতে ছুইডিছ ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠান আষ্ট্ৰাজেনেকাৰ সৈতে দুখন চুক্তিও সম্পন্ন কৰা হৈছে বুলি জনাইছে অষ্ট্ৰিলিয়াৰ স্বাস্থ্য মন্ত্ৰী হান্ট-এ।

উল্লেখ্যে যে, বিশ্বৰ বৃহত্তম ভেকচিন প্ৰস্তুতকাৰী ভাৰতীয় প্ৰতিষ্ঠান চেৰামৰ সৈতে যৌথভাৱে আষ্ট্ৰাজেনেকাৰে অক্সফোৰ্ডৰ ভেকচিনটো প্ৰস্তুত কৰিছে।

জানিব পৰা মতে মেলব’ৰ্ণৰ চিএছএল নামৰ প্ৰতিষ্ঠানটোৱে ভেকচিন প্ৰস্তুতৰ বাবে অনুজ্ঞাপত্ৰ উলিয়াবলৈ যো-জা কৰিছে।

মংগলবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মৰিছনে কয়, “যদি ভেকচিনটো সফল হয়, তেনেহ’লে আমি নিজেই উৎপাদন আৰু বিতৰণ কৰিম। আৰু ২৫ মিলিয়ন অষ্ট্ৰেলিয়াবাসী বিনামূল্যে দিয়া হ’ব।”