NORTHEAST NOW (Assamese)
অসম

এন আৰ চিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰদীপ ভূঞালৈ ‘মহাবীৰ লাচিত বৰফুকন বঁটা’

Posted by: এন ই নাও নিউজ November 25, 2018 7:59 am

টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ উদ্যোগত প্ৰতি বছৰে ‘লাচিত দিৱস’ৰ দিনা অসমীয়া জাতিৰ হৈ ত্যাগ, বীৰত্ব আৰু আদৰ্শৰে শ্ৰেষ্ঠত্ব নিদৰ্শনেৰে অসম মাতৃক গৌৰৱান্বিত কৰা একোজন ব্যক্তিক ‘মহাবীৰ লাচিত বৰফুকন বঁটা’ৰে সন্মানিত কৰি আহিছে।

ইয়াৰ সমান্তৰালভাৱে এইবাৰে লাচিত দিৱসৰ দিনা অৰ্থাৎ ২৪ নৱেম্বৰৰ দিনা এন আৰ চি ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বিশিষ্ট সমাজ সচেতক প্ৰদীপ ভূঞাক  ‘মহাবীৰ লাচিত বঁটা’ প্ৰদান কৰা হয়।

টাই আহোম যুৱ পৰিষদ, কামৰূপ জিলা সমিতিৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লাচিত দিৱসৰ দিনা শনিবাৰে প্ৰদীপ ভূঞাক এই বঁটা প্ৰদান কৰা হয়।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট সমাজ সচেতক প্ৰদীপ ভূঞাক ‘মহাবীৰ লাচিত বৰফুকন বঁটা’ প্ৰদান কৰে। টাইপাৰ মহাবীৰ লাচিত বৰফুকন বঁটাত প্ৰদীপ ভূঞাক আগবঢ়োৱা হয় চাপকং, লাচিত স্মাৰক, সম্বৰ্ধনা পত্ৰৰ লগতে পাগুৰি। ইফালে এই বঁটা গ্ৰহণ কৰি বিশিষ্ট সমাজ সচেতক গৰাকীয়ে টাইপাক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে অসম আৰু অসমীয়াৰ স্বাৰ্থত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে এইবাৰ প্ৰদীপ ভূঞাক এই বঁটা প্ৰদান কৰা হয়। লগতে প্ৰদীপ ভূঞাৰ পত্নী বন্তি ভূঞাকো বিশেষভাৱে সন্মান জনোৱা হয়।