NORTHEAST NOW (Assamese)

নাগালেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি

May 30, 2020 12:04 pm · এন ই নাও নিউজ

অসমৰ লগতে নাগালেণ্ডতো ক’ৰ’না আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে।

আজি ৰাতিপুৱা ৰাজ্যখনৰ ১১ গৰাকী নাগৰিকৰ শৰীৰত কোভিড-১৯ উপস্থিতি ধৰা পৰে।

ইয়াকে লৈ নাগালেণ্ডত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩৬ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত ১১ গৰাকী লোকৰ ভিতৰত ৯ জন পুৰুষ আৰু দুগৰাকী মহিলা।

ক’ৰ’না আক্ৰান্ত ১১ গৰাকী লোকৰ আটাইকেইগৰাকীয়ে অলপতে চেন্নাইৰ পৰা নাগালেণ্ডলৈ উভতি আহিছিল বুলি নাগালেণ্ডৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী এছ পাংগয়ু ফ’মে টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আনহাতে, আক্ৰান্ত ১১ গৰাকী লোকৰ ভিতৰত আঠ গৰাকী লোকক ডিমাপুৰত ৰখাৰ বিপৰীতে তিনি গৰাকীক ক’হিমাত চিকিৎসাৰ বাবে ৰখা হৈছে।

উত্তৰ-পূবৰ ভিতৰত ক’ৰ’নাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্য হৈছে অসম।

অসমত শুকুৰবাৰে ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ১০০০ অতিক্ৰম কৰে।

Related News